Your Mic Your Voice

লামডিঙত মহিলাক কুঁৱাত পেলাই হত্যাৰ অভিযোগ: স্বামীক আটক আৰক্ষীৰ

0


লামডিং: লামডিঙৰ দক্ষিণ অঞ্চলত সংঘটিত এক চাঞ্চল্যকৰ ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে। দুৰ্গা কলনীত এগৰাকী মহিলাক কুঁৱাত পেলাই হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে নিজ স্বামীৰ বিৰুদ্ধে। মৃত মহিলাগৰাকীক দুই সন্তানৰ মাতৃ পায়েল ঘোষ বুলি চিনাক্ত কৰা হৈছে।

পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি, দীৰ্ঘদিন ধৰি স্বামী ৰাজু ঘোষ আৰু পত্নী পায়েল ঘোষৰ মাজত পাৰিবাৰিক অশান্তি চলি আছিল। এই অশান্তিৰ চৰম পৰ্যায়ত নিশাৰ ভাগত ৰাজু ঘোষে পত্নীক হত্যা কৰি কুঁৱাত পেলাই দিয়ে বুলি পৰিয়ালৰ লোকে এজাহাৰত উল্লেখ কৰিছে।

ঘটনাৰ খবৰ পোৱাৰ পিছতে লামডিং আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে অভিযুক্ত স্বামী ৰাজু ঘোষক ইতিমধ্যে আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে।

unimex

মৃতদেহটো উদ্ধাৰ কৰাৰ পিছত আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰিছে। এই ঘটনাই সমগ্ৰ দক্ষিণ লামডিঙত শোকৰ ছাঁ পেলাইছে। স্থানীয় ৰাইজে দোষীক উচিত শাস্তি প্ৰদানৰ দাবী জনাইছে। বৰ্তমান আৰক্ষীৰ তদন্ত চলি আছে আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পিছতহে মৃত্যুৰ প্ৰকৃত কাৰণ আৰু ৰহস্য পোহৰলৈ আহিব বুলি আৰক্ষী সূত্ৰত প্ৰকাশ।

Leave A Reply

Your email address will not be published.

Translate »