Your Mic Your Voice

বানাক্ৰান্তক শীঘ্ৰেই ক্ষতিপূৰণ, জিলা কাৰ্যালয় একেটা ভৱনলৈ অনাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ

0

যোৰহাট : আয়ুক্ত সন্মিলনৰ পিছতে সংবাদমেল সম্বোধন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

বানপানীত ক্ষতিগ্ৰস্ত লোকসকলক শীঘ্ৰেই ক্ষতিপূৰণ প্ৰদানৰ ব্যৱস্থা কৰা হ’ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। বানত ক্ষতিগ্ৰস্ত লোকসকলৰ সন্দৰ্ভত প্ৰথম পৰ্যায়ৰ চাৰ্ভে সম্পূৰ্ণ হৈছে আৰু ১০ ছেপ্টেম্বৰৰ ভিতৰত চূড়ান্ত তালিকা প্ৰস্তুত কৰাৰ লক্ষ্য লোৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।

ইফালে উজনি অসমৰ বানপানীত ক্ষতিগ্ৰস্ত তিনিখন জিলাৰ জিলা প্ৰশাসনৰ সৈতে মুখ্যমন্ত্ৰীয়ে বৈঠকত মিলিত হয়। বানাক্ৰান্ত লোকসকলক ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰত শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি তেওঁ কয়।

unimex

আনহাতে, যোৰহাটৰ কৃত্ৰিম বানৰ সমস্যাক লৈও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। কৃত্ৰিম বানৰ মূল কাৰণ আজিলৈকে কোনেও বিচাৰি উলিয়াব পৰা নাই বুলি উল্লেখ কৰি যোৰহাট যাতে ‘দ্বিতীয় গুৱাহাটী’ত পৰিণত নহয়, তাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি তেওঁ কয়।

ইয়াৰ উপৰি যোৰহাটৰ কাৰাগাৰসমূহ বৰ্তমানৰ স্থানৰ পৰা আঁতৰাই অন্য স্থানলৈ স্থানান্তৰ কৰাৰ পৰিকল্পনাৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। কাৰাগাৰসমূহ স্থানান্তৰ কৰাৰ পিছত সেই স্থানসমূহত একোখনকৈ উদ্যান নিৰ্মাণ কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে।

সাধাৰণ ৰাইজৰ সুবিধাৰ্থে জিলাসমূহৰ সকলো চৰকাৰী কাৰ্যালয় একেটা ভৱনতে স্থাপন কৰাৰ পৰিকল্পনাৰ কথাও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। ইয়াৰ ফলত বিভিন্ন চৰকাৰী কামৰ বাবে ৰাইজে ইফাল-সিফাল কৰি সমস্যাৰ সন্মুখীন হ’ব নালাগিব বুলি তেওঁ উল্লেখ কৰে।

Leave A Reply

Your email address will not be published.

Translate »