Your Mic Your Voice

গোলাঘাটত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ অভিযান, ACS বিষয়া দেৱেশ্বৰ বৰাৰ সৈতে লিংকৰ সন্দেহ

0

গোলাঘাট: গোলাঘাটত আজি মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে অভিযান চলাইছে। গোলাঘাট নগৰৰ ১১নং ৱাৰ্ডৰ চন্দন নগৰত এটা নিৰ্মীয়মাণ পাঁচ মহলীয়া অট্টালিকাত অভিযান চলাইছে তদন্তকাৰী দলে।

সূত্ৰ অনুসৰি, উক্ত অট্টালিকাটো ধেমাজিৰ জিলা উন্নয়ন আয়ুক্ত তথা ACS বিষয়া দেৱেশ্বৰ বৰাৰ পত্নীৰ নামত আছে। অট্টালিকাটোৰ সৈতে দেৱেশ্বৰ বৰাৰ গোলাঘাট লিংক থকাৰ সন্দেহত এই অভিযান চলোৱা হৈছে।

unimex

উল্লেখ্য যে, ৭ ছেপ্টেম্বৰত দুৰ্নীতিৰ অভিযোগত ধেমাজিৰ জিলা উন্নয়ন আয়ুক্ত দেৱেশ্বৰ বৰাক গ্ৰেপ্তাৰ কৰিছিল মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে। ইয়াৰ পূৰ্বে তেওঁৰ গুৱাহাটীৰ বাসগৃহতো ভিজিলেন্সে অভিযান চলাইছিল।

গোলাঘাটত চলি থকা অভিযান সন্দৰ্ভত অধিক তথ্য এতিয়াও পোহৰলৈ অহা নাই। অভিযান অব্যাহত আছে।

Leave A Reply

Your email address will not be published.

Translate »