কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয় পৰিদৰ্শন অশোক সিংহালৰ
কলিয়াবৰ: স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহালে নগাঁও জিলাৰ জখলাবন্ধা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে চিকিৎসালয়খনৰ বিভিন্ন সেৱা আৰু আন্তঃগাঁথনি পৰিদৰ্শন কৰাৰ লগতে বহিঃবিভাগ (OPD), X-Ray, CT Scan আৰু Laboratory পৰিদৰ্শন কৰি উপলব্ধ স্বাস্থ্যসেৱা আৰু সুবিধাসমূহৰ বুজ লয়।
ইয়াৰোপৰি, চিকিৎসালয়খনৰ চিকিৎসক আৰু প্ৰশাসনিক বিষয়াসকলৰ সৈতে মত-বিনিময় কৰি ৰোগীসকলক অধিক উন্নত, গুণগত আৰু ফলপ্ৰসূ স্বাস্থ্যসেৱা প্ৰদানৰ বাবে গ্ৰহণ কৰিবলগীয়া বিভিন্ন পদক্ষেপৰ বিষয়েও আলোচনা কৰে।

ইয়াৰ লগতে, চিকিৎসালয় চৌহদত নিৰ্মীয়মাণ ১৫০খন বিচনাযুক্ত নতুন শাখা পৰিদৰ্শন কৰি নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। এই নতুন আন্তঃগাঁথনিয়ে কলিয়াবৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ জনসাধাৰণৰ বাবে চিকিৎসালয়খনৰ সেৱা-সক্ষমতা অধিক বৃদ্ধি কৰাৰ লগতে নিজ অঞ্চলতে উন্নত স্বাস্থ্যসেৱা লাভৰ সুবিধা অধিক শক্তিশালী কৰিব।
এই পৰিদৰ্শনৰ সময়ত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ পঞ্চম কুমাৰ বৰা, মহকুমা চিকিৎসা ও স্বাস্থ্য বিষয়া, কলিয়াবৰ, সদৌ অসম বৃক্ষৰোপণ আৰু শস্য উন্নয়ন নিগমৰ অধ্যক্ষ মণিমাধৱ মহন্ত, অনিৰ্বাণ বৰঠাকুৰ, জিলা প্ৰকল্প প্ৰবন্ধক, NHM, নগাঁওৰ লগতে অন্যান্য বিষয়ববীয়া আৰু বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।