Your Mic Your Voice

বিশ্বনাথৰ ষ্টিফেন হকিং একাডেমীত ব্যত্তিক্ৰমী ৰূপত পালন শিক্ষক দিৱস

0

বিশ্বনাথ: শিক্ষাৰ্থীয়ে শিক্ষক সকলক কলম ডায়েৰী আদি উপহাৰ দিয়াৰ পৰিৱৰ্তে কেৰাহী, টৌ , বাল্টি, হাতা উপহাৰ দি পালন কৰিলে শিক্ষক দিৱস ।

দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা বিশিষ্ট শিক্ষাবিদ ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিন উপলক্ষে প্ৰতি বছৰে ৫ ছেপ্টেম্বৰত পালন কৰা হয় এই বিশেষ দিনটো।

unimex

শিক্ষক দিৱস উপলক্ষে বিশ্বনাথৰ ষ্টিফেন হকিং একাডেমীত ছাত্ৰ-ছাত্ৰীসকলে শিক্ষাগুৰুসকলৰ প্ৰতি সন্মান আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজৰ আন্তৰিক সম্পৰ্কক অধিক সুদৃঢ় কৰাৰ লগতে শিক্ষাৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰা হয় অনুষ্ঠানটোত।

কলম ডায়েৰী উপহাৰ দিয়াৰ পৰিৱৰ্তে কেৰাহী, টৌ, বাল্টি, হাতা উপহাৰ দিয়ে ছাত্ৰ ছাত্ৰী সকলে , যাতে বিদ্যালয় খনৰ যিকোনো সময়তে আয়োজন কৰা অনুষ্ঠানত ব্যৱহাৰ কৰিব পৰাকৈ এই সমুহ সামগ্ৰী উপহাৰ দি পালন কৰিলে ব্যতিক্ৰমী ৰূপত শিক্ষক দিৱস ।

Leave A Reply

Your email address will not be published.

Translate »