Your Mic Your Voice

এক্ট ইষ্ট নীতিক লৈ সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ চিন্তন বৈঠক

0


গুৱাহাটী: ভাৰতৰ এক্ট ইষ্ট নীতিক আগুৱাই নিয়াৰ ক্ষেত্ৰত নাগৰিক, উদ্যোগী, শিক্ষানুষ্ঠান, যুৱ সংগঠন, নাগৰিক সমাজ আৰু সংবাদ মাধ্যমক সক্ৰিয় অংশীদাৰ হিচাপে জড়িত কৰিব লাগিব৷ এই মন্তব্য ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাৰ৷ কালি সন্ধিয়া গুৱাহাটীত অনুষ্ঠিত এখন সভাত তেওঁ এইদৰে কয় ৷

‘এক্ট ইষ্ট নীতি ঃ নাগৰিকৰ ভূমিকা আৰু ভৱিষ্যতৰ পথ’ শীৰ্ষক এই সভাখন সীমান্ত চেতনা মঞ্চ, পূৰ্বোত্তৰৰ উদ্যোগত অনুষ্ঠিত হয় ৷ সভাখনত অৱসৰপ্ৰাপ্ত লেঃ জেঃ কলিতাই লগতে কয় যে এক্ট ইষ্ট নীতি-ৰ অধীনত গ্ৰহণ কৰা বৃহৎ লক্ষ্যসমূহক সুনিৰ্দিষ্ট প্ৰকল্পত ৰূপান্তৰ কৰি প্ৰতিটো প্ৰকল্পৰ বাবে নিৰ্দিষ্ট ৰূপায়ণকাৰী সংস্থা, পুঁজিৰ ব্যৱস্থা আৰু স্পষ্ট সময়সীমা নিৰ্ধাৰণ কৰিব লাগিব ৷ নিৰ্ধাৰিত লক্ষ্য আৰু অগ্ৰগতিৰ ভিত্তিত প্ৰকল্পসমূহৰ নিয়মীয়া পৰ্যালোচনা কৰিব লাগিব, যাতে কোনো প্ৰকল্প কেৱল পৰিকল্পনা বা অনুমোদনৰ স্তৰতে দীৰ্ঘদিন সীমাবদ্ধ হৈ নাথাকে ৷

unimex

সভাত অসম চৰকাৰৰ পৰ্যটন বিভাগৰ উপদেষ্টা পাৰ্থ পি দাসে কয় যে সীমান্তৰ সিপাৰৰ পৰিস্থিতি স্বাভাৱিক হোৱালৈ উত্তৰ-পূৰ্বাঞ্চলে অনিৰ্দিষ্টকাল অপেক্ষা কৰি থাকিব নোৱাৰে৷ যোগাযোগ, বাণিজ্য, ক্ষমতা বিকাশ আৰু সাংস্কৃতিক সংযোগ –এই চাৰিটা দিশক সামৰি সভাত এক সংহত দৃষ্টিভংগী গ্ৰহণৰ পোষকতা কৰা হয় ৷

বিশেষকৈ পথ, ৰে’ল, অভ্যন্তৰীণ জলপথ, বিমান আৰু ডিজিটেল সংযোগ শক্তিশালী কৰাৰ লগতে উন্নত লজিষ্টিক ব্যৱস্থা, পৰ্যটন বিকাশ, উদ্যমিতা আৰু প্ৰতিষ্ঠানসমূহৰ মাজত অধিক সমন্বয়ৰ প্ৰয়োজনীয়তাৰ কথা উত্থাপন কৰা হয়৷ সভাত যুৱ সমাজ আৰু সংবাদ মাধ্যমৰ ভূমিকা সন্দৰ্ভত যুৱ মিডিয়া মুখপাত্ৰ দেৱজিত গোস্বামীয়ে কয় যে ১৯৯১ চনত লুক ইষ্ট নীতি আৰম্ভ হোৱাৰ পৰা ২০১৪ চনত সেয়া এক্ট ইষ্ট নীতিলৈ ৰূপান্তৰিত হোৱালৈকে উত্তৰ-পূৰ্বাঞ্চলে নীতি-নিৰ্ধাৰণৰ ক্ষেত্ৰত যথেষ্ট মনোযোগ লাভ কৰিছে যদিও এতিয়া ৰূপায়ণ অধিক দৃশ্যমান আৰু পৰিমাপযোগ্য হ’ব লাগিব ৷

উত্তৰ পূৰ্বাঞ্চলক ভাৰত-চুবুৰীয়া দেশৰ অৰ্থনৈতিক-সাংস্কৃতিক সেঁতু হিচাপে গঢ়ি তোলাৰ ওপৰত গুৰুত্ব দিয়া সভাখনত অসমৰ প্ৰাক্তন ডিজিপি প্ৰদীপ কুমাৰ, প্ৰাক্তন ডিজিপি পল্লৱ ভট্টাচাৰ্য, অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ নোমল মমিন, উপ-মহাপ্ৰৱন্ধক মনোৰঞ্জন দাসসহ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে ৷

Leave A Reply

Your email address will not be published.

Translate »