Your Mic Your Voice

গুৱাহাটী ৰয়েলছক ৫ উইকেটত পৰাস্ত কৰি এ পি এলৰ খিতাপ বৰপেটা ব্ৰেভছৰ

0

বৰপেটা ব্ৰেভছে অসম ক্ৰিকেট সন্থাই আয়োজন কৰা উদ্বোধনী বৰ্ষৰ ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগৰ খিতাপ দখল কৰে। বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত দেওবাৰে নিশা অনুষ্ঠিত ফাইনেলত বৰপেটাৰ দলটোৱে গুৱাহাটী ৰয়েলছক পাঁচ উইকেটত পৰাস্ত কৰে।

প্ৰথমে বেটিং কৰি গুৱাহাটী ৰয়েলছে ১৯.৪ অভাৰত ১৬৫ ৰাণ সংগ্ৰহ কৰে। দলটোৰ হৈ ৰোহিত সেনে বিস্ফোৰক বেটিঙেৰে মাত্ৰ ৩৭ বলত ছয়টা ছিক্সাৰ আৰু দহটা বাউণ্ডেৰীৰ সহায়ত ৯০ ৰাণ কৰে। অধিনায়ক ঋষভ দাসে ৩৪ ৰাণ কৰে। বৰপেটা ব্ৰেভছৰ হৈ শুভম গুপ্তা, প্ৰাঞ্জল পল আৰু দ্বীপজ্যোতি শইকীয়াই দুটাকৈ উইকেট দখল কৰে।

১৬৬ ৰাণৰ বিজয়লক্ষ্য অনুসৰণ কৰি বৰপেটা ব্ৰেভছে ১৮.৫ অভাৰত পাঁচ উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয়। সৌৰভ দিহিঙিয়াই ১৬ বলত ৩৩ আৰু হৃষিকেশ দাসে ৩৫ ৰাণ কৰি দলটোক সুন্দৰ আৰম্ভণি দিয়ে। অৱশ্যে ৯৯ ৰাণত চাৰিটা উইকেট হেৰুৱাই ব্ৰেভছ চাপত পৰিছিল।

unimex

এই সংকটজনক মুহূৰ্তত অৰুন সোনাৰ আৰু অভিলাশ মৌড়িয়াই ৫৯ ৰাণৰ গুৰুত্বপূৰ্ণ যুটি গঢ়ি দলটোক জয়ৰ দিশে আগুৱাই নিয়ে। অভিলাশে ২৪ ৰাণ কৰি আউট হয় যদিও অৰুন সোনাৰে ২০ বলত ৩৪ ৰাণ কৰি অপৰাজিত থাকি দলক খিতাপ জয় কৰায়। ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে অৰুন সোনাৰ নিৰ্বাচিত হয়।

লীগৰ শ্ৰেষ্ঠ বেটাৰৰ স্বীকৃতি হিচাপে ৫৪৩ ৰাণ সংগ্ৰহ কৰা ৰোহিত সেনে কমলা টুপী লাভ কৰে। লগতে তেওঁ শ্ৰেষ্ঠ উদীয়মান খেলুৱৈৰ বঁটাও লাভ কৰে। আনহাতে, ২৩টা উইকেট দখল কৰা বৰপেটা ব্ৰেভছৰ বাস্তৱ ৰয়ে বেগুনীয়া টুপী লাভ কৰাৰ লগতে লীগৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ হিচাপে নিৰ্বাচিত হয়। নগাঁও দলৰ আলতাফ আলমে শ্ৰেষ্ঠ কেটছৰ বঁটা লাভ কৰে।

উল্লেখ্য, ফাইনেলখন উপভোগ কৰিবলৈ লীগৰ অভিলেখসংখ্যক ২৩,০৭৫জন দৰ্শক এ চি এ ষ্টেডিয়ামত উপস্থিত থাকে। চেম্পিয়ন বৰপেটা ব্ৰেভছে ৫০ লাখ টকাৰ প্ৰাইজমানিৰ লগতে এ পি এলৰ সুদৃশ্য ট্ৰফী লাভ কৰে। ৰানাৰ্ছআপ গুৱাহাটী ৰয়েলছক প্ৰদান কৰা হয় ২৫ লাখ টকা।

Leave A Reply

Your email address will not be published.

Translate »