Your Mic Your Voice

যোগ্য হিতাধিকাৰীক দিয়া হ’ব বছৰি ৩টা বিনামূলীয়া ৰন্ধন গেছ চিলিণ্ডাৰ

0

তামিলনাডুৰ মুখ্যমন্ত্ৰী চি জোচেফ বিজয়ে সোমবাৰে বিধানসভাত কেইবাটাও জনকল্যাণমূলক পদক্ষেপ ঘোষণা কৰে। ইয়াৰ ভিতৰত যোগ্য হিতাধিকাৰীক বছৰি তিনিটাকৈ বিনামূলীয়া ৰন্ধন গেছ চিলিণ্ডাৰ প্ৰদান আৰু মহিলাৰ বিনামূলীয়া বাছ যাত্ৰা আঁচনিৰ পৰিসৰ বৃদ্ধি অন্যতম।

নতুন ৰন্ধন গেছ আঁচনিৰ অধীনত যোগ্য হিতাধিকাৰীৰ বেংক একাউণ্টলৈ পোনপটীয়াকৈ তিনিটা চিলিণ্ডাৰৰ ধন জমা কৰা হ’ব।

unimex

ইফালে, মুখ্যমন্ত্ৰীগৰাকীয়ে ‘ভেট্ৰি পায়নম’ আঁচনিৰ কথা ঘোষণা কৰে। এই আঁচনিৰ জৰিয়তে ৰাজ্যখনত মহিলাৰ বাবে চলি থকা বিনামূলীয়া বাছ যাত্ৰা ব্যৱস্থা অধিক বিস্তৃত কৰা হ’ব। মহানগৰ আৰু নগৰাঞ্চলত চলাচল কৰা চৰকাৰী এক্সপ্ৰেছ, এল এছ এছ আৰু ডিলাক্স বাছত মহিলাসকলে বিনামূলীয়াকৈ যাত্ৰা কৰিব পাৰিব।

আন্তঃজিলা যাত্ৰাৰ ক্ষেত্ৰত মফচল আৰু পাহাৰীয়া অঞ্চলত চলাচল কৰা সাধাৰণ ভাড়াৰ চৰকাৰী বাছত এই সুবিধা প্ৰযোজ্য হ’ব। অহা ২ অক্টোবৰত মহাত্মা গান্ধীৰ জন্মজয়ন্তীৰ দিনাৰ পৰা আঁচনিখন কাৰ্যকৰী কৰা হ’ব।

মুখ্যমন্ত্ৰী বিজয়ে ঘোষণা কৰে যে এই সুবিধা লাভৰ ক্ষেত্ৰত কোনো আয়ৰ সীমা নাথাকিব। লগতে যাত্ৰাৰ সংখ্যাৰ ক্ষেত্ৰতো কোনো বাধা নাথাকিব। তৃতীয় লিংগৰ লোকসকলকো বিনামূলীয়া বাছ যাত্ৰাৰ সুবিধাৰ আওতালৈ অনা হৈছে।

Leave A Reply

Your email address will not be published.

Translate »