মাজুলীত নিৰ্মাণ হ’ব বিমান বন্দৰ: বন্দৰ নিৰ্মাণৰ বাবে চলিল ভূমি জৰীপ
মাজুলীবাসীৰ বাবে সুখবৰ । অতি সোনকালেই মাজুলীত নিৰ্মাণ হোৱাৰ সম্ভাৱনা এটা আটকধুনীয়া বিমান বন্দৰ । উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰদান কৰা প্ৰতিশ্ৰুতি বাস্তৱায়নৰ দিশে আগবঢ়া পৰিলক্ষিত হৈছে । জানিব পৰা মতে, ইতিমধ্যে এইক্ষেত্ৰত আৰম্ভ হৈছে তৎপৰতা ।

মংগলবাৰে মাজুলীত উপস্থিত হৈছে ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষৰ এটা প্ৰতিনিধি দল । প্ৰতিনিধি দলটোৱে মাজুলীত বিমান বন্দৰ নিৰ্মাণৰ বাবে সম্ভাৱ্য তিনিটা স্থান পৰিদৰ্শন কৰে । উজনি মাজুলী ৰাজহ চক্ৰৰ অন্তৰ্গত জেংৰাই আৰু ফুলনিৰ দুটা স্থানৰ লগতে মাজুলী ৰাজহ চক্ৰৰ অধীনৰ দৰবাৰ চাপৰিৰ আন এটি স্থান পৰিদৰ্শন কৰে প্ৰতিনিধি দলটোৱে ।

সম্ভাৱ্য স্থানসমূহৰ ভৌগোলিক অৱস্থা, যোগাযোগ ব্যৱস্থা আৰু অন্যান্য আন্তঃগাঁথনিগত দিশ পৰ্যবেক্ষণ কৰিছে নিৰীক্ষণকাৰী দলটোৱে । মাজুলীত বিমান বন্দৰ নিৰ্মাণৰ এই প্ৰাথমিক তৎপৰতাই এতিয়া মাজুলীবাসীৰ মনত নতুন আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে । উল্লেখ্য যে, মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰত বিমান বন্দৰ নিৰ্মাণ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল আৰু সেই অনুসাৰেই আগবাঢ়িছে ৰাজ্য চৰকাৰ ।
মাজুলীত বিমান বন্দৰ স্থাপন কেতিয়া সম্পন্ন হয় তথা কিমান ক্ষীপ্ৰতাৰে বিভাগে ব্যৱস্থা গ্ৰহণ কৰে সেয়া সতকাই কৈ দিয়া টান যদিও সংশ্লিষ্ট কৰ্তৃপক্ষই স্থানডোখৰ পৰিদৰ্শন কৰাৰ ফলত আশাবাদী হৈ পৰিছে মাজুলীবাসী ।