১০ কোটি টকাৰ ড্ৰাগছ জব্দ; অসম আৰক্ষীক প্ৰশংসা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
অসম আৰক্ষীয়ে ৰাজ্যত ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে । শেহতীয়াকৈ ৰাজ্যত পুনৰ উদ্ধাৰ হৈছে কাছাৰ জিলাৰ দিঘৰখালত আনুমানিক ১০ কোটি টকাৰ ৫০ হাজাৰ য়াবা টেবলেট জব্দ কৰিছে অসম আৰক্ষীয়ে । অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীৰ লগতে কাছাৰ আৰক্ষীৰ ভূমিকাক প্ৰশংসা কৰিছে ।

উল্লেখ্য যে, পুৰণি এমভিআই চেক পইণ্টত গাড়ীখন জব্দ কৰাৰ পিছতে আৰক্ষীয়ে এখন ট্ৰাক আটক কৰি গাড়ীখনৰ ভিতৰৰ এটা লুকাই থকা চেম্বাৰৰ পৰা টেবলেটসমূহ উদ্ধাৰ কৰে । ঘটনা সন্দৰ্ভত এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু টেবলেটবোৰ ক’ৰ পৰা অনা হৈছে তথা ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।
আনফালে, আন এক অভিযানত ভৈৰৱকুণ্ডত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় ২৩৪.৮৯ কেজি গাঞ্জা । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৬ জনকৈ লোকক । এই অভিযানৰ বাবে আৰক্ষীৰ প্ৰচেষ্টাক প্ৰশংসা কৰি শৰ্মাই কয় যে এই সফল অভিযানে অসম আৰক্ষীৰ অবৈধ ড্ৰাগছ ব্যৱসায়ৰ ওপৰত অব্যাহত ৰখা প্ৰচেষ্টাক প্ৰতিফলিত কৰিছে । ছ’চিয়েল মিডিয়াত এটা পোষ্ট দি মুখ্যমন্ত্রীগৰাকীয়ে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী প্ৰচেষ্টাক শলাগ লয় ।