কাছাৰ জিলাৰ উধাৰবন্দ বিধানসভা সমষ্টিৰ পানগ্রামত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে । জিলাখনৰ কেডি ৰড ইণ্ডাষ্টীত LPG চিলিণ্ডাৰ বিস্ফোৰণ ঘটি ৩ গৰাকীকৈ শ্রমিকৰ মৃত্যু ঘটা বুলি জানিব পৰা গৈছে । 3 জনকৈ শ্ৰমিক নিহত হোৱাৰ লগতে LPG বিস্ফোৰণৰ ফলত কেইবাজনো শ্রমিক গুৰুতৰভাৱে আহত হৈছে । প্ৰত্যক্ষদৰ্শীয়ে জনোৱা অনুসৰি মৃতকৰ সংখ্যা আৰু অধিক হোৱাৰ আশংকা আছে ।
জানিব পৰা মতে, দেওবাৰৰ পুৱা প্ৰায় ১১.৩০ বজাত পানগ্ৰামৰ কাডে গ্ল’বেল ইনফাষ্টটাকচাৰত সংঘটিত হৈছে এই কৰুণ ঘটনাটো । বিস্ফোৰণটো ইয়ানেই শক্তিশালী আছিল কাৰখানাটোৰ একাংশ সম্পূৰ্ণ গাঁত হৈ পৰে বিস্ফোৰণটোৰ ফলত । এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্র উত্তেজনাই বিৰাজ কৰিছে । পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে কাৰখানাটোৰ মূল প্ৰৱেশ দ্বাৰ বন্ধ কৰি দিয়ে ।
এই খবৰ লাভ কৰাৰ পাচতে ঘটনাস্থলীত উপস্থিত হয় কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষীসহ কাছাৰ আৰক্ষী । আৰক্ষীয়ে নিহত শ্ৰমিককেইজনৰ মৃতদেহ উদ্ধাৰ কৰিছে । ইয়াৰ লগতে আৰক্ষীৰ সহযোগত আহত শ্ৰমিকসকলক শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে । ঘটনাৰ খবৰ পাই উধাৰবন্দ বিধানসভাৰ প্ৰাক্তন বিধায়ক মিহিৰ কান্তি সোম উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলায় ।

