• Home  
  • ৪ আগষ্টত পুনৰ সংসদলৈ যাত্ৰা; E20 ইন্ধনক লৈ উত্তেজিত পৰিবহণ খণ্ড
- দেশ - বিদেশ

৪ আগষ্টত পুনৰ সংসদলৈ যাত্ৰা; E20 ইন্ধনক লৈ উত্তেজিত পৰিবহণ খণ্ড

ইথান’ল মিশ্ৰিত পেট্ৰ’লৰ বিৰোধিতাৰে অহা ৪ আগষ্টত সংসদলৈ প্ৰতিবাদী সমদল ঘোষণা কৰিছে দিল্লী টেক্সি এণ্ড টুৰিষ্ট ট্ৰান্সপৰ্টাৰ্ছ এণ্ড ট্যুৰ অপাৰেটৰ্ছ এছ’চিয়েশ্যনে । শুকুৰবাৰে এখন সংবাদমেলত এছ’চিয়েশ্যনৰ সভাপতি সঞ্জয় সম্ৰাটে ই-২০ ইন্ধনৰ ব্যৱহাৰক লৈ পৰিবহণ অপাৰেটৰ আৰু বাহনৰ মালিকসকলে উত্থাপন কৰা উদ্বেগৰ বিষয়ে জনায় । এছ’চিয়েশ্যনে কয়,”দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা পৰিবহণ অপাৰেটৰ আৰু বাহনৰ মালিকসকলে […]

ইথান'ল মিশ্ৰিত পেট্ৰ’লৰ বিৰোধিতাৰে অহা ৪ আগষ্টত সংসদলৈ প্ৰতিবাদী সমদল ঘোষণা কৰিছে দিল্লী টেক্সি এণ্ড টুৰিষ্ট ট্ৰান্সপৰ্টাৰ্ছ এণ্ড ট্যুৰ অপাৰেটৰ্ছ এছ’চিয়েশ্যনে । শুকুৰবাৰে এখন সংবাদমেলত এছ’চিয়েশ্যনৰ সভাপতি সঞ্জয় সম্ৰাটে ই-২০ ইন্ধনৰ ব্যৱহাৰক লৈ পৰিবহণ অপাৰেটৰ আৰু বাহনৰ মালিকসকলে উত্থাপন কৰা উদ্বেগৰ বিষয়ে জনায় । 

এছ’চিয়েশ্যনে কয়,"দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা পৰিবহণ অপাৰেটৰ আৰু বাহনৰ মালিকসকলে ই-২০ ইন্ধন মুকলিৰ পিছত ইন্ধনৰ কাৰ্যক্ষমতা হ্ৰাস, ৰক্ষণাবেক্ষণৰ খৰচ বৃদ্ধি আৰু ইঞ্জিনৰ কাৰ্যক্ষমতা সম্পৰ্কে উদ্বেগ প্ৰকাশ কৰিছে । ২০১৫ চনৰ আগতে নিৰ্মিত বহু বাহন ২০ শতাংশ ইথানল মিশ্ৰিত পেট্ৰ'লৰ বাবে ডিজাইন কৰা হোৱা নাই । এই ধৰণৰ ইন্ধন আচলতে নতুন মডেলৰ বাহনৰ বাবে উপযুক্ত ।"

তেওঁ আৰু কয়, “মানুহে পেট্ৰ’লৰ বাবে মূল্য আদায় দিছে আৰু চৰকাৰে এই ইন্ধনৰ দাম বৃদ্ধি কৰিছে, তাৰ পাচতো আমি কিয় মিশ্ৰিত পেট্ৰ’ল ব্যৱহাৰ কৰিব লগা হৈছে ?

ইয়াৰ উপৰিও সংস্থাটোৱে কয় যে তেওঁলোকৰ প্ৰতিবাদী সমদলৰ জৰিয়তে ইথান'ল মিশ্ৰণ নীতিৰ স্বতন্ত্ৰ বৈজ্ঞানিক পৰ্যালোচনাৰ দাবী জনাব য’ত বাহনৰ মালিক, গ্ৰাহক, পৰিবহণ অপাৰেটৰ, অটোম’বাইল নিৰ্মাতা আৰু কাৰিকৰী বিশেষজ্ঞ জড়িত থাকিব ।

সম্ৰাটে সংবাদমেলত কয়, "দেশৰ বিভিন্ন প্ৰান্তৰ পৰিবহণ অপাৰেটৰ আৰু বাহনৰ মালিকসকলে ই-২০ ইন্ধন প্ৰৱৰ্তনৰ পিছত মাইলেজ হ্ৰাস, ৰক্ষণাবেক্ষণৰ খৰচ বৃদ্ধি, ইঞ্জিনৰ কাৰ্যক্ষমতাৰ সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছে ।

উল্লেখ কৰা প্ৰয়োজন যে,বিগত 28 জুনৰ পৰা দিল্লীৰ যন্তৰ-মন্তৰত শিক্ষাৰ্থীসকলে প্ৰতিবাদত বহি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ অবিৰতভাৱে পদত্যাগৰ দাবী তোলাৰ পাচতে শিক্ষামন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য় হয় প্ৰধান । ইয়াৰ পাচতে ব্যক্তিগত পৰিবহণ খণ্ডই ইথানল মিশ্ৰিত পেট্ৰ'লৰ বিৰোধিতাৰ দাবীৰে গ্ৰহণ কৰা এই কাৰ্যসূচীয়ে বিশেষ তাৎপৰ্য বহণ কৰিছে ।

Locate us

Balaji Arcade 2nd floor, Lokhra Road. Jyotikuchi, Guwahati. Assam, 781040

Mahabahu Media & Solutions
@2026. All Rights Reserved.