• Home  
  • দেশৰ শিক্ষা বিভাগৰ দায়িত্ব অৰ্পণ কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীক
- দেশ - বিদেশ

দেশৰ শিক্ষা বিভাগৰ দায়িত্ব অৰ্পণ কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীক

ককৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদত সেও মানি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰাৰ পাচত এই পদৰ দায়িত্ব দিয়া হয় প্ৰহ্ৰাদ যোশীক । অতিৰিক্তভাৱে যোশীক প্ৰদান কৰা হয় শিক্ষা মন্ত্ৰালয়ৰ এই দায়িত্ব ৷ উল্লেখ্য যে, NEET-UG প্ৰশ্নকাকত ফাদিলক কেন্দ্ৰ কৰি বিগত ২৮ জুনৰ পৰা দিল্লীৰ যন্তৰ-মন্তৰত ককৰোচ জনতা পাৰ্টীয়ে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী জনাই আহিছিল […]

ককৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদত সেও মানি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰাৰ পাচত এই পদৰ দায়িত্ব দিয়া হয় প্ৰহ্ৰাদ যোশীক । অতিৰিক্তভাৱে যোশীক প্ৰদান কৰা হয় শিক্ষা মন্ত্ৰালয়ৰ এই দায়িত্ব ৷ উল্লেখ্য যে, NEET-UG প্ৰশ্নকাকত ফাদিলক কেন্দ্ৰ কৰি বিগত ২৮ জুনৰ পৰা দিল্লীৰ যন্তৰ-মন্তৰত ককৰোচ জনতা পাৰ্টীয়ে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী জনাই আহিছিল ৷ শিক্ষাৰ্থীসকলৰ সৈতে প্ৰতিবাদত বহিছিল উদ্ভাৱক সোণম ৱাংচুক । প্ৰতিবাদকাৰীসকলে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী উত্থাপন কৰাৰ লগতে দেশৰ শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবী তুলিছিল । যাৰ ফলত ৰাজধানী দিল্লীকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত শিক্ষাৰ্থীৰ লগতে সচেতন মহলে মুকলিকৈ এই প্ৰতিবাদৰ প্ৰতি সঁহাৰি জনাইছিল ।

উল্লেখ কৰা প্ৰয়োজন যে, কেৱল আমাৰ দেশতে নহয়, বিদেশটো এই প্ৰতিবাদে গা কৰি উঠা পৰিলক্ষিত হৈছিল ৷ অৱশেষত ২৫ জুলাই শনিবাৰৰ দিনা শিক্ষামন্ত্ৰী পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰাৰ পাচত সংগঠনটোৱে আনুষ্ঠানিকভাৱে প্ৰতিবাদ বাতিলৰ সিদ্ধান্ত লয় ।

CJP ৰ তিনিটা দাবী মানিছে কেন্দ্ৰীয় চৰকাৰে

CJP ৰ মুখপাত্ৰ আশুতোষ ৰাংকাই কয়, “আমি চৰকাৰী প্ৰতিনিধি দলৰ সৈতে তিনিটা পৰ্যায়ৰ আলোচনাত মিলিত হৈছিলো । যন্তৰ-মন্তৰত চলি থকা আমাৰ প্ৰতিবাদৰ মূল দাবী আছিল তিনিটা – ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ, প্ৰতিবাদকাৰী আৰু সংগঠকৰ বিৰুদ্ধে দাখিল কৰা সকলো আইনী গোচৰ, এজাহাৰ প্ৰত্যাহাৰ কৰা আৰু ভৱিষ্যতে প্ৰতিবাদকাৰী বা সংগঠকৰ বিৰুদ্ধে কোনো গোচৰ ৰুজু নকৰা । ইয়াৰ লগতে সংগঠনটোৰ তৃতীয়টো দাবী আছিল নীট প্ৰশ্নকাকত ফাদিলৰ পাছত নিজৰ সন্তানক হেৰুওৱা পৰিয়ালসমূহলৈ ১ কোটি টকাৰ ক্ষতিপূৰণ প্ৰদান ।” এই তিনিওটা দাবীৰ প্ৰতি চৰকাৰে সমৰ্থন জনোৱাৰ পাচতে প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰৰ সিদ্ধান্ত লয় CJP য়ে ।

Locate us

Balaji Arcade 2nd floor, Lokhra Road. Jyotikuchi, Guwahati. Assam, 781040

Mahabahu Media & Solutions
@2026. All Rights Reserved.