• Home  
  • অসমৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মোদী; সম্পূৰ্ণ সহায়-সহযোগিতাৰ আশ্বাস
- অসম

অসমৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মোদী; সম্পূৰ্ণ সহায়-সহযোগিতাৰ আশ্বাস

শনিবাৰে পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে টেলিফোনযোগে কথা পাতি অসমৰ বান সমস্যাৰ বুজ লয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । মুখ্যমন্ত্ৰী শৰ্মাই সামাজিক মাধ্যমযোগে বান পৰিস্থিতি সংক্ৰান্তত মোদীৰে সৈতে হোৱা বাৰ্তালাপৰ কথা সামাজিক মাধ্যমযোগে জানিবলৈ দিয়ে ৷ বানৰ ফলত হোৱা ক্ষয়-ক্ষতি, উদ্ধাৰ অভিযান আৰু সাহাৰ্য অভিযানৰ লগতে দুৰ্যোগ সম্পৰ্কীয় প্ৰত্যাহ্বানসমূহৰ বিষয়ে প্ৰধানমন্ত্ৰী মোদীয়ে টেলিফোনত মুখ্যমন্ত্ৰীৰ পৰা বিস্তৃত […]

শনিবাৰে পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে টেলিফোনযোগে কথা পাতি অসমৰ বান সমস্যাৰ বুজ লয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । মুখ্যমন্ত্ৰী শৰ্মাই সামাজিক মাধ্যমযোগে বান পৰিস্থিতি সংক্ৰান্তত মোদীৰে সৈতে হোৱা বাৰ্তালাপৰ কথা সামাজিক মাধ্যমযোগে জানিবলৈ দিয়ে ৷ বানৰ ফলত হোৱা ক্ষয়-ক্ষতি, উদ্ধাৰ অভিযান আৰু সাহাৰ্য অভিযানৰ লগতে দুৰ্যোগ সম্পৰ্কীয় প্ৰত্যাহ্বানসমূহৰ বিষয়ে প্ৰধানমন্ত্ৰী মোদীয়ে টেলিফোনত মুখ্যমন্ত্ৰীৰ পৰা বিস্তৃত খতিয়ান লয় বুলি মুখ্যমন্ত্ৰীয়ে পোষ্টটোত উল্লেখ কৰিছে ৷

সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে কয়, “অসমৰ প্ৰতিটো বিষয় লৈ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়া সদায় সক্ৰিয় আৰু সচেতন । কিছু সময় পূৰ্বে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই টেলিফোনযোগে অসমৰ বান পৰিস্থিতিৰ বুজ লয় । বানৰ ফলত হোৱা ক্ষয়-ক্ষতি, চলি থকা উদ্ধাৰ আৰু সাহাৰ্য অভিযানৰ লগতে দুৰ্যোগ সম্পৰ্কীয় প্ৰত্যাহ্বানসমূহৰ বিষয়ে তেখেতে বিস্তৃতভাৱে আমাৰ পৰা খতিয়ান লয় ।”

বানত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালবোৰলৈ গভীৰ শোক প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে জনায়, “মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই দুৰ্যোগত প্ৰাণ হেৰুওৱা লোকসকলৰ লগতে আপোনজন আৰু সম্পত্তি হেৰুওৱাসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰে । তেখেতে আশ্বস্ত কৰে যে এই সংকটক ভাৰত চৰকাৰে সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদানেৰে বিবেচনা কৰিছে । উদ্ধাৰ, সাহাৰ্য, পুনৰ্বাসন কাৰ্যত কেন্দ্ৰীয় চৰকাৰে যথাসম্ভৱ সকলোধৰণৰ সহায় আগবঢ়াই যাব বুলিও তেখেতে অভয় প্ৰদান কৰে ।”

উল্লেখ্য যে, এইবাৰ ৰাজ্যত অভূতপূৰ্ব বানৰ বিভীষিকা পৰিলক্ষিত হৈছে । আনকি মন্ত্ৰী পীযুষ হাজৰিকাও সদনত ৬০ বছৰে নেদেখা বান অসমত হৈছে বুলি উল্লেখ কৰিছে । এই পৰ্যন্ত বানত ৬২ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে সহস্ৰধিক পশুধন মৃত্যু মুখত পৰিছে । 

Locate us

Balaji Arcade 2nd floor, Lokhra Road. Jyotikuchi, Guwahati. Assam, 781040

Mahabahu Media & Solutions
@2026. All Rights Reserved.