• Home  
  • অসমৰ বান পৰিস্থিতিক লৈ চিন্তিত বলিউডৰ অভিনেত্ৰী ভূমি পেডনেকাৰ; দুৰ্গতসকলৰ কাষত থিয় হ’বলৈ সকলোলৈ আহ্বান
- অসম - বিনোদন

অসমৰ বান পৰিস্থিতিক লৈ চিন্তিত বলিউডৰ অভিনেত্ৰী ভূমি পেডনেকাৰ; দুৰ্গতসকলৰ কাষত থিয় হ’বলৈ সকলোলৈ আহ্বান

অসমৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে বলীউডৰ অভিনেত্ৰী ভূমি পেডনেকাৰ । সামাজিক মাধ্যমযোগে বলিউডৰ অভিনেত্ৰীগৰাকীয়ে অসমৰ বন্যাৰ্তসকলৰ কাষত সমগ্ৰ দেশৰ জনসাধাৰণক থিয় হৈ সহায়-সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে ।প্ৰলয়ংকাৰী বান সন্দৰ্ভত আলোকপাত কৰি অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত এটা ভিডিঅ’যোগে কয় যে লাখৰো অধিক লোক স্থানচ্যুত হৈছে, বহুলোকে জীৱন হেৰুৱাইছে আৰু একো একোখন গাঁও উটুৱাই লৈ গৈছে ।সামাজিক […]

অসমৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে বলীউডৰ অভিনেত্ৰী ভূমি পেডনেকাৰ । সামাজিক মাধ্যমযোগে বলিউডৰ অভিনেত্ৰীগৰাকীয়ে অসমৰ বন্যাৰ্তসকলৰ কাষত সমগ্ৰ দেশৰ জনসাধাৰণক থিয় হৈ সহায়-সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে ।

প্ৰলয়ংকাৰী বান সন্দৰ্ভত আলোকপাত কৰি অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত এটা ভিডিঅ’যোগে কয় যে লাখৰো অধিক লোক স্থানচ্যুত হৈছে, বহুলোকে জীৱন হেৰুৱাইছে আৰু একো একোখন গাঁও উটুৱাই লৈ গৈছে ।

সামাজিক মাধ্যমত এটা ভিডিঅ’ শ্বেয়াৰ কৰি ভূমিয়ে কয়- “নমস্কাৰ, দেশত কি হৈ আছে সেয়া আমি সকলোৱে জানো । আৰু শিক্ষাৰ্থীৰ সেই উৎসাহক মই চেল্যুট দিছো । কিন্তু দেশৰ এটা অংশত একাংশ লোক আছে যিসকলক আমাৰ সহায়-সহযগিতাৰ যথেষ্ট প্ৰয়োজন আছে । সেই অংশটো হ’ল অসম । অসমত অবৰ্ণনীয় বান হৈছে । পৰিস্থিতি ইমানেই বেয়া যে ৭.৫ লাখ লোক অন্য স্থানলৈ লৈ যোৱা হৈছে । ৪০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে আৰু মৃতকৰ সংখ্যা বাঢ়িছে ।”

অভিনেত্ৰীগৰাকীয়ে পুনৰ কয়, “সমগ্ৰ গাঁও বানত নিশ্চিহ্ন হৈছে, জীৱ-জন্তু উটি গৈছে । যি আছিল, সকলো শেষ হৈ গৈছে । বহুতেই এই সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই । পঞ্জাব, জম্মু, বিহাৰ, মহাৰাষ্ট্ৰ - আদিৰ সময়ত আমি যি সেৱাৰ মনোভাৱ দেখুৱালো সেই সময় আকৌ উভতি আহিছে । যোৱা বছৰ সমগ্ৰ দেশ দুৰ্গতসকলৰ কাষত থিয় হৈ আছিল । দান-বৰঙণি আগবঢ়োৱাৰ সেই সময়খিনি আকৌ উভতি আহিছে । আৰু এইবাৰ অসমক আমাৰ প্ৰয়োজন ।”

ভূমিয়ে সকলোকে খাদ্য, বিচনা, অনাময়, স্থান সলনি কৰা আদিৰ বাবে অনুদানৰ আগবঢ়াই দুৰ্গতসকলক সহায় কৰিবলৈ আহ্বান জনায় ।

বানাক্ৰান্তৰ দুৰ্দশাৰ বৰ্ণনা দি ভূমিয়ে কয়, "দৃশ্য দেখিলে আপোনাৰ হৃদয় ভাঙি যাব । দৃশ্যবোৰ অতি হৃদয় বিদাৰক আৰু অসমক সঁচাকৈয়ে আমাৰ সহায়ৰ প্ৰয়োজন । সকলোকে অনুৰোধ কৰিছো যিয়ে যিমান পাৰে দান কৰক । এই ভিডিঅ' বাৰ্তাটো অলপ শ্বেয়াৰ কৰি দিব যাতে আমাৰ সহায় অসমৰ ৰাইজৰ মাজলৈ যায় । জয় হিন্দ ।"

অভিনেত্ৰীগৰাকীয়ে ভিডিঅ’টোৰ শিৰোনাম দিছে এইদৰে — “বৰ্তমান বানত বুৰ গৈছে অসম, আপোনালোকে সদায় এনে বিপৰ্যয়ৰ সময়ত সহায়ৰ হাত আগবঢ়াই আহিছে, এইবাৰো তেওঁলোকৰ বাবে থিয় দিয়ক । #assam #flods।”


উল্লেখ কৰা প্ৰয়োজন যে, অসমত বানে ভয়াৱহ ৰূপ পৰিগ্ৰহ কৰিছে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মাজনিশা সামাজিক মাধ্যম X ত এই তথ্য সদৰী কৰি কয় যে ৰাজ্যত বানত বৰ্তমানলৈ ৬২ জন লোকৰ মৃত্যু হৈছে ৷ ইয়াৰোপৰি বিস্তৰ কৃষি ভূমি, পশুধনৰ লগতে ব্যক্তিগত ধন-সম্পত্তিৰো বিস্তৰ ক্ষতিসাধন হৈছে ।



Locate us

Balaji Arcade 2nd floor, Lokhra Road. Jyotikuchi, Guwahati. Assam, 781040

Mahabahu Media & Solutions
@2026. All Rights Reserved.