ৰাছিয়াত ৬.৯ প্ৰাবল্যৰ ভূমিকম্প, কঁপি উঠিল কামচাটকা উপদ্বীপ
ৰাছিয়াৰ কামচাটকা উপদ্বীপৰ ওজেৰনভস্কিৰ সমীপত ৬.৯ প্ৰাবল্যৰ ভূমিকম্প। কোনো ক্ষয়-ক্ষতিৰ খবৰ নাই, চুনামীৰ সতৰ্কতা জাৰি কৰা হোৱা নাই।
ৰাছিয়াত পুনৰ শক্তিশালী ভূমিকম্প। শুকুৰবাৰে ৰাছিয়াৰ কামচাটকা উপদ্বীপৰ ওজেৰনভস্কিৰ পৰা ৭৬ কিলোমিটাৰ উত্তৰ-পূবে ৬.৯ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যায়। আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ সংস্থা USGS এ এই তথ্য প্ৰকাশ কৰিছে।
USGS ৰ তথ্য অনুসৰি ভূমিকম্পটোৰ কেন্দ্ৰস্থল আছিল ৫২.০১ ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু ১৫৭.২৫ ডিগ্ৰী পূব দ্ৰাঘিমাংশত। ভূমিকম্পটোৰ গভীৰতা আছিল প্ৰায় ১৪৩.২ কিলোমিটাৰ। ইমান গভীৰতাত হোৱাৰ বাবে ইয়াৰ জোকাৰণি বহু দূৰলৈকে অনুভূত হৈছিল যদিও ক্ষয়-ক্ষতি কম হৈছে।

ৰাছিয়াৰ চৰকাৰী সংবাদ সংস্থা TASS ৰ বাতৰি অনুসৰি কামচাটকাৰ প্ৰশাসনিক কেন্দ্ৰ পেট্ৰ’পাভল’ভস্ক-কামচাটস্কিত এই ভূমিকম্পৰ তীব্ৰতা ৪-৫ প্ৰাবল্য হিচাপে অনুভৱ কৰা হৈছিল। প্ৰথমে বিজ্ঞানীসকলে ইয়াৰ প্ৰাবল্য ৬.৫ বুলি অনুমান কৰিছিল যদিও পিছত ইয়াক ৬.৯ লৈ সংশোধন কৰা হয়। প্ৰত্যক্ষদৰ্শীৰ মতে স্থানীয় সময় অনুসৰি বিয়লি ৩:৩৬ বজাত অহা এই জোকাৰণি প্ৰায় এমিনিট ধৰি থাকে। বহু আবাসিক অট্টালিকাত লাইট, দুৱাৰ-খিৰিকী জোৰেৰে লৰিবলৈ ধৰে আৰু বহু লোকে আতংকত ঘৰৰ পৰা ওলাই আহে।
এই ভূমিকম্পৰ পিছত কোনো চুনামীৰ সতৰ্কতা জাৰি কৰা হোৱা নাই। আমেৰিকাৰ নেচনেল চুনামী ৱাৰ্নিং চেণ্টাৰে জনাইছে যে ভূমিকম্পটোৰ গভীৰতা অধিক হোৱাৰ বাবে চুনামীৰ কোনো আশংকা নাই। বৰ্তমানলৈকে কোনো হতাহতি বা ডাঙৰ ক্ষয়-ক্ষতিৰ খবৰ পোৱা হোৱা নাই।
আনহাতে এই ভূমিকম্পৰ পিছতে জাপানত এক বিভ্ৰান্তিৰ সৃষ্টি হয়। জাপানৰ বতৰ বিজ্ঞান সংস্থাই ভুলবশতঃ ৯.৯ প্ৰাবল্যৰ ভূমিকম্পৰ সতৰ্কতা জাৰি কৰে। পিছত এই সতৰ্কতা প্ৰত্যাহাৰ কৰা হয়। জাপানৰ সংস্থাটোৱে জনাইছে যে তেওঁলোকে ভূমিকম্পৰ প্ৰাবল্য বেছিকৈ অনুমান কৰিছিল।