Your Mic Your Voice

CJPৰ ত্ৰিৰংগা ৰেলী: কনট প্লেচত যানজঁটৰ আশংকা, দিল্লী আৰক্ষীৰ সতৰ্কবাণী

0

CJPৰ ত্ৰিৰংগা ৰেলীৰ বাবে দিল্লীৰ কনট প্লেচত যাতায়াত প্ৰভাৱিত হোৱাৰ সম্ভাৱনা। ২১ টা পথত যানজঁটৰ আশংকা, দিল্লী ট্ৰেফিক আৰক্ষীৰ এডভাইজৰি জাৰি।

নতুন দিল্লীত আজি ত্ৰিৰংগা ৰেলীক লৈ হাই এলাৰ্ট জাৰি কৰা হৈছে। ককৰোচ জনতা পাৰ্টী (CJP) ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেয়ে আজি বিয়লি ৫ বজাত কনট প্লেচৰ চেণ্ট্ৰেল পাৰ্কত ‘লেহৰা দো ত্ৰিৰংগা’ ৰেলীৰ আহ্বান জনাইছে।

এই ৰেলীৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী ট্ৰেফিক আৰক্ষীয়ে এডভাইজৰি জাৰি কৰিছে। আৰক্ষীয়ে জনোৱা মতে আজি বিয়লি ৩ বজাৰ পৰা কনট প্লেচৰ আশে-পাশে থকা ২১ টা পথত যাতায়াত প্ৰভাৱিত হ’ব পাৰে।

unimex

যি সমূহ পথ প্ৰভাৱিত হোৱাৰ সম্ভাৱনা আছে সেইসমূহ হ’ল- সংসদ মাৰ্গ, বাবা খৰক সিং মাৰ্গ, শ্বহীদ ভগৎ সিং মাৰ্গ, পঞ্চকুইয়ান ৰোড, চেমচফৰ্ড ৰোড, মিন্টো ৰোড, বাৰাখাম্বা ৰোড, কস্তুৰবা গান্ধী মাৰ্গ, জনপথ, ৰফি মাৰ্গ, মান্ডি হাউচ, পেটেল চক, উইন্ডচৰ প্লেচ, অশোক ৰোড, তিলক মাৰ্গ, টলষ্টয় মাৰ্গ আদি।

আনহাতে NDMC য়ে প্ৰশাসনিক কাৰণত আজি আৰু কাইলৈৰ বাবে চেণ্ট্ৰেল পাৰ্ক বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে। দিল্লী আৰক্ষীয়ে জনাইছে যে কনট প্লেচ আৰু ইয়াৰ আশে-পাশে BNSS ৰ ১৬৩ নং ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি কৰা হৈছে। আৰক্ষীয়ে ৰাইজক এই সমদলৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে। অৱশ্যে একাংশ লোকক নিৰ্দিষ্ট স্থানত জাতীয় পতাকা উত্তোলন আৰু জাতীয় সংগীত গোৱাৰ বাবে অনুমতি দিয়াৰ কথাও আৰক্ষীয়ে জনাইছে।

উল্লেখ্য যে, নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ আৰু নিৰ্বাচনী তালিকাৰ বিশেষ সংশোধনীক লৈ চলি থকা বিতৰ্কৰ মাজতে এই ৰেলীৰ আহ্বান জনোৱা হৈছে।

Leave A Reply

Your email address will not be published.

Translate »