• Home  
  • অসম বিধানসভাৰ ১২ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক অব্যাহতি
- অসম

অসম বিধানসভাৰ ১২ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক অব্যাহতি

ষ্টাফ ৰিপৰ্টাৰ, খবৰ, ২৯ মে’ : অসম বিধানসভা সচিবালয়ত চুক্তিভিত্তিকভাৱে পুনৰ নিযুক্তি লাভ কৰা ১২ গৰাকী অৱসৰপ্ৰাপ্ত বিষয়া-কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ নিৰ্দেশ মৰ্মে ২৯ মে’ৰ পৰা এই সিদ্ধান্ত কার্যকৰী কৰা হৈছে। বিধানসভা সচিবালয়ে জাৰি কৰা নির্দেশনা অনুসৰি, চাকৰিৰ ম্যাদ ওকলাৰ পিছতো বিভিন্ন শাখাত পুনৰ নিযুক্তি লাভ কৰি কৰ্মৰত […]

ষ্টাফ ৰিপৰ্টাৰ, খবৰ, ২৯ মে’ : অসম বিধানসভা সচিবালয়ত চুক্তিভিত্তিকভাৱে পুনৰ নিযুক্তি লাভ কৰা ১২ গৰাকী অৱসৰপ্ৰাপ্ত বিষয়া-কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ নিৰ্দেশ মৰ্মে ২৯ মে’ৰ পৰা এই সিদ্ধান্ত কার্যকৰী কৰা হৈছে। বিধানসভা সচিবালয়ে জাৰি কৰা নির্দেশনা অনুসৰি, চাকৰিৰ ম্যাদ ওকলাৰ পিছতো বিভিন্ন শাখাত পুনৰ নিযুক্তি লাভ কৰি কৰ্মৰত হৈ থকা এইসকল কৰ্মচাৰীক অব্যাহতি দিয়া হয়।

অব্যাহতি লাভ কৰা কৰ্মচাৰীসকল হৈছে—ৰঞ্জিত কুমাৰ শৰ্মা, আণ্ডাৰ ছেক্ৰেটাৰী (অব.), পংকজ কুমাৰ শৰ্মা, ডেপুটি ছেক্ৰেটাৰী (অব.). ধনজিৎ তালুকদাৰ, স্পেচিয়েল অফিচাৰ (অব.)তাৰিণী কান্ত স্বৰ্গীয়াৰী, জামাদাৰ অৰ্ডাৰলী (অব.), শেৱালী দেৱী, আণ্ডাৰ ছেক্ৰেটাৰী (অব.), কবি ৰাম হালৈ, কমিটী অফিচাৰ (অব.), কুলধৰ কামান, ডাফট্ৰী (অব.), সমীৰ দাস, যুটীয়া সচিব (অব.), মাধৱ তালুকদাৰ, এছজিটি (অব.), ভৱেন পেগু, কাউণ্টাৰ এছিষ্টেণ্ট (অব.), বিশ্বজিৎ সোম, পিয়ন (অব.) , দিল্লীৰাম শৰ্মা, কমিটী অফিচাৰ (অব.) । উল্লেখ্য যে, শেহতীয়াকৈ বিধানসভাৰ সচিব দুলাল পেগুকো পদৰ পৰা অব্যাহতি দিয়াৰ পিছতে সচিবালয়ত একাধিক প্রশাসনিক সালসলনি লক্ষ্য কৰা গৈছে।

Locate us

Balaji Arcade 2nd floor, Lokhra Road. Jyotikuchi, Guwahati. Assam, 781040

Mahabahu Media & Solutions
@2026. All Rights Reserved.