শিল্পী জুবিন গাৰ্গৰ মৃত্যুক কেন্দ্ৰ কৰি চলি থকা বহুচৰ্চিত গোচৰৰ আদালতে শুকুৰবাৰে গুৰুত্বপূৰ্ণ আদেশ জাৰী কৰে । গোচৰটোৰ মূল অভিযুক্ত তথা নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত-ৰ জামিন আবেদন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ আদালতে খাৰিজ কৰে। আদালতে পৰ্যবেক্ষণ কৰে যে, “এজন কিংবদন্তি শিল্পীৰ হত্যাকাণ্ড” বুলি চিহ্নিত কৰা এই গোচৰৰ সামাজিক প্ৰভাৱ অত্যন্ত গভীৰ। সাক্ষীৰ বৃহৎ তালিকা আৰু অভিযোগৰ গুৰুত্ব বিবেচনা কৰি আদালতে কয় যে, ৮ মাহৰ কাৰাবাসক “অত্যাধিক দীঘলীয়া” বুলি ক’ব নোৱাৰি।
ফলত আদালতে এই পৰ্যায়ত জামিন দিয়াটো অনুপযুক্ত বুলি মন্তব্য কৰি আবেদন খাৰিজ কৰে। আদালতত তদন্তকাৰী সংস্থাৰ অভিযোগ অনুসৰি, শ্যামকানু মহন্তই জুবিন গাৰ্গৰ স্বাস্থ্যজনিত সমস্যাৰ বিষয়ে অৱগত হৈও তেওঁক হুইস্কীৰ বটল যোগান ধৰিছিল। লগতে সহ-অভিযুক্ত অমৃতপ্ৰভা মহন্তক জুবিন গাৰ্গক ধাৰাবাহিকভাৱে মদ যোগান ধৰিবলৈ নিয়োজিত কৰাৰ অভিযোগো উত্থাপিত হয়। ইয়াৰ উপৰিও, ছিংগাপুৰত অনুষ্ঠিত ইয়ট পাৰ্টিৰ আয়োজক, নিৰাপত্তাৰক্ষী অথবা জুবিন গাৰ্গৰ ব্যৱস্থাপনা দলক তেওঁৰ শাৰীৰিক অৱস্থাৰ বিষয়ে অৱগত নকৰা, কোনো চিকিৎসা ব্যৱস্থা আগতীয়াকৈ নকৰা আৰু ঘটনাৰ পিছত প্ৰায় ৭৫ মিনিট পলমকৈ চিকিৎসালয়লৈ নিয়াৰ অভিযোগ আদালতত উত্থাপন কৰা হয়।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে ফাষ্ট ট্ৰেক আদালতে শ্যামকানুৰ জামিন আবেদন নাকচ কৰাৰ পাচত গৌহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল অভিযুক্ত শ্যামকানু । আনহাতে, অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰো জামিন আবেদনো কামৰূপ মহানগৰৰ এক্সক্লুছিভ ফাষ্ট ট্ৰেক চেছন আদালতে নাকচ কৰে। এই শুনানি গ্ৰহণ কৰে প্ৰিজাইডিং অফিচাৰ শৰ্মিলা ভূঞাই। চাৰ্জশ্বীট অনুসৰি, শেখৰজ্যোতি গোস্বামীয়ে জুবিন গাৰ্গক পানীত নামিবলৈ উচটনি দিছিল। লগতে জুবিন গাৰ্গ বিপদত পৰাৰ সময়তো সহায় নকৰি “থাম্বছ আপ” চিহ্ন দেখুওৱাৰ অভিযোগ উত্থাপন কৰা হৈছে। ডিজিটেল আৰু ফৰেনচিক প্ৰমাণৰ ভিত্তিত আদালতে কয় যে, অভিযুক্তজনৰ বিৰুদ্ধে শক্তিশালী প্ৰাথমিক তথ্য আছে। আদালতে লগতে মন্তব্য কৰে যে, এতিয়াও বহু গুৰুত্বপূর্ণ সাক্ষীৰ সাক্ষ্য গ্ৰহণ বাকী আছে আৰু এই পৰ্যায়ত জামিন দিলে সাক্ষীক প্ৰভাৱিত কৰাৰ আশংকা আছে। ফলত আদালতে জামিন আবেদন নাকচ কৰে। গোচৰটোৰ আন অভিযুক্ত অমৃতপ্ৰভা মহন্ত, সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য -ৰ জামিন আবেদন সম্পৰ্কীয় শুনানিও ইতিমধ্যে সম্পন্ন হৈছে। চৰকাৰী অধিবক্তা জয়াউৰ কামাৰে এই অভিযুক্তসকলৰ জামিনৰ বিৰোধিতা কৰি লিখিত আপত্তি দাখিল কৰে। আনহাতে, অভিযুক্তৰ হৈ অধিবক্তাসকলে নিজৰ বক্তব্য দাখিল কৰে। আদালতে জনোৱা মতে, এই চাৰিগৰাকী অভিযুক্তৰ জামিন আবেদনৰ চূড়ান্ত ৰায় ৮ জুন, ২০২৬ তাৰিখে ঘোষণা কৰা হ’ব। উল্লেখ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটো চেছন গোচৰ নং ২৫৬/২০২৫ তথা CID আৰক্ষী থানাৰ FIR নং ১৮/২০২৫-ৰ অধীনত চলি আছে।
উল্লেখ্য যে, ২০২৫ চনৰ ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত অনুষ্ঠিত “নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল”ত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ সময়ত জুবিন গাৰ্গৰ মৃত্যু হৈছিল। তদন্ত অনুসৰি, অতিমাত্ৰা মদ্যপান আৰু তাৰ ফলত পানীত ডুব যোৱাৰ ঘটনাৰ সৈতে জড়িত এক গভীৰ ষড়যন্ত্ৰৰ অভিযোগ উত্থাপিত হৈছে । আদালতৰ এই ৰায়দানৰ পাচতে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে কয় যে, উচ্চ ন্যায়ালয়ত শ্যামকানু মহন্ত আৰু ফাষ্টট্ৰেক ক’ৰ্টত শেখৰ জ্যোতি গোস্বামীৰ জামিন আবেদন নাকচ
সদায় সত্য আৰু ন্যায় প্ৰতিষ্ঠা হোৱাত সহায় হ’ব । অধিবক্তাসকললৈ কৃতজ্ঞতা আৰু দেশৰ ন্যায় ব্যৱস্থাৰ প্ৰতি সদায় আস্থা আৰু শ্ৰদ্ধা আছে বুলিও সামাজিক মাধ্যমত তেও মন্তব্য কৰে । ”একেলগে চিৰদিনৰ বাবে এই হাঁহি কঢ়িয়াব নোৱাৰিলোঁ, কিন্তু চকুপানীবোৰৰ মূল্য ভগৱানে নিশ্চয় সঠিকভাৱে দিব” – গৰিমা শইকীয়াক এনেদৰে পোষ্ট কৰি আবেগিক হোৱাও দেখা গল ।
