জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৫টা প্ৰস্তাৱ, জিলাই জিলাই আন্দোলন
জুবিন গাৰ্গৰ হত্যাৰ ন্যায় বিচাৰি গঠিত ‘জুবিন গাৰ্গ ন্যায় দাবী সমিতি’ৰ আন্দোলন অব্যাহত আছে। ৩০ অক্টোবৰত সমিতিৰ আহ্বায়কসকলৰ এখন গুৰুত্বপূৰ্ণ অনলাইন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকতে ন্যায়ৰ দাবীত আন্দোলন অধিক শক্তিশালী কৰিবলৈ ৫ টাকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
এই সন্দৰ্ভত বিধায়ক অখিল গগৈয়ে সামাজিক মাধ্যমযোগে জনাই যে, ৩০ অক্টোবৰৰ সভাত ৫টা প্ৰস্তাৱ লোৱা হৈছে।
লোৱা ৫টা প্ৰস্তাৱ হ’ল –
১/ ৬ নৱেম্বৰত উচ্চতম ন্যায়ালয়ত জুবিন গাৰ্গৰ হত্যাৰ দুই মূল অভিযুক্তৰ জামিন আবেদনৰ চূড়ান্ত শুনানি আছে। তাৰ প্ৰাকক্ষণত ৫ নৱেম্বৰত সোণাপুৰৰ জুবিন ক্ষেত্ৰত এক বিশাল গণ সমাৱেশৰ আয়োজন কৰা হ’ব। এই সমাৱেশৰ পৰা অভিযুক্তই যাতে জামিন লাভ কৰিব নোৱাৰে তাৰ বাবে ৰাজ্য চৰকাৰক দাবী জনোৱা হ’ব। লগতে ৬ নৱেম্বৰৰ শুনানিত ভাৰত চৰকাৰৰ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই উপস্থিত থাকি জামিনৰ বিৰোধিতা কৰিব লাগে বুলিও চৰকাৰক দাবী জনোৱা হৈছে। ৰাজ্য চৰকাৰে ইতিমধ্যে দুজন অভিযুক্তৰ জামিন বাতিলৰ বাবে উচ্চতম ন্যায়ালয়ৰ কাষ চপা বাবে সমিতিয়ে ধন্যবাদ জনাইছে যদিও অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিন বাতিল নোহোৱালৈকে আন্দোলন চলি থাকিব বুলি প্ৰস্তাৱ লোৱা হৈছে।

২/ ৰাজ্যৰ প্ৰতিখন জিলাতে পৰ্যায়ক্ৰমে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত গণ আন্দোলন আৰু গণ সমাৱেশ অনুষ্ঠিত কৰা হ’ব। ইয়াৰ বাবে প্ৰতিখন জিলাৰ জুবিন অনুৰাগীক সমিতিৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে। লগতে সকলো জাতীয়-জনগোষ্ঠীয় সংগঠন আৰু বিৰোধী ৰাজনৈতিক দলক একত্ৰিত কৰাৰো প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে।
৩/ এই গোচৰৰ প্ৰথম অভিযোগকাৰী অধিবক্তা ৰাতুল বৰা আৰু অসমৰ জ্যেষ্ঠ অধিবক্তাসকলৰ সহযোগত আদালতত তদন্তকাৰী সংস্থাক অধিক তদন্তৰ নিৰ্দেশ আৰু অতিৰিক্ত অভিযোগনামা দাখিলৰ বাবে আবেদন জনোৱা হ’ব।
৪/ জুবিন গাৰ্গৰ স্মৃতি জীয়াই ৰাখিবলৈ জুবিন ক্ষেত্ৰত নিয়মীয়াকৈ ছবি অঁকা, বক্তৃতা আৰু তৰ্ক প্ৰতিযোগিতাৰ দৰে সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
৫/ জুবিন গাৰ্গে ন্যায় নোপোৱা পৰ্যন্ত এই ন্যায়ৰ সংগ্ৰাম অব্যাহত ৰখাৰ সংকল্প গ্ৰহণ কৰা হৈছে।