থেনী জেলব্ৰেক: থেনী জিলা কাৰাগাৰৰ ভাৰপ্ৰাপ্ত অধীক্ষকক নিলম্বনৰ নিৰ্দেশ তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ৰ
তামিলনাডুৰ থেনীত সংঘটিত চাঞ্চল্যকৰ জেলব্ৰেক কাণ্ডক লৈ ৰাজ্যত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে। এই ঘটনাৰ পাছতে তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে।

মুখ্যমন্ত্ৰীগৰাকীয়ে থেনী জিলা কাৰাগাৰৰ ভাৰপ্ৰাপ্ত অধীক্ষকগৰাকীক তৎকালীনভাৱে নিলম্বন কৰাৰ নিৰ্দেশ দিছে। কাৰাগাৰৰ সুৰক্ষা ব্যৱস্থাত থকা গাফিলতিৰ বাবেই এই নিলম্বনৰ নিৰ্দেশ দিয়া হৈছে বুলি জানিব পৰা গৈছে।
এই ঘটনা সন্দৰ্ভত বিভাগীয় তদন্তৰো নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে।