Your Mic Your Voice

মাৰ্ঘেৰিটাত উৎসাহ-উদ্দীপনাৰে ‘ৰাষ্ট্ৰীয় একতা দিৱস’ পালন, ৫০০ প্ৰতিযোগীৰে মাৰাথন দৌৰ

0

লৌহমানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম জয়ন্তী উপলক্ষে সমগ্ৰ দেশৰ লগতে মাৰ্ঘেৰিটাতো আজি উৎসাহ-উদ্দীপনাৰে ‘ৰাষ্ট্ৰীয় একতা দিৱস’ পালন কৰা হয়।

এই উপলক্ষে মাৰ্ঘেৰিটা আৰক্ষী থানা, থানা পৰ্যায়ৰ নাগৰিক সমিতি আৰু গাঁওৰক্ষী বাহিনীৰ যৌথ উদ্যোগত এক বিশাল মাৰাথন দৌৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।

unimex

লিডুৰ পাটকাই ষ্টেডিয়ামৰ পৰা আৰম্ভ হোৱা এই দৌৰ মাৰ্ঘেৰিটা ইক’ পাৰ্কত গৈ সমাপ্ত হয়। পুৰুষ আৰু মহিলা উভয় শাখাতে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে মাৰ্ঘেৰিটা সমজিলা আয়ুক্ত কে. এন. চন্দনা জাহ্নৱীয়ে।

দেশৰ একতা আৰু অখণ্ডতাৰ বাৰ্তা বহন কৰা এই দৌৰত বিভিন্ন প্ৰান্তৰ প্ৰায় ৫ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।

প্ৰতিযোগিতাত স্থান লাভ কৰা বিজয়ীসকলক আকৰ্ষণীয় নগদ পুৰস্কাৰ প্ৰদান কৰাৰ লগতে দৌৰ সম্পূৰ্ণ কৰা প্ৰতিগৰাকী প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰি উৎসাহিত কৰা হয়।

Leave A Reply

Your email address will not be published.

Translate »