Your Mic Your Voice

অষ্ট্ৰেলিয়া এ দলৰ বিৰুদ্ধে ভাৰতীয় এ দলত নিৰ্বাচিত উমা চেত্ৰী আৰু জিন্টিমণি কলিতা

0

অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে আগন্তুক ছিৰিজৰ বাবে ভাৰতীয় এ মহিলা ক্ৰিকেট দললৈ অসমৰ উমা চেত্ৰী আৰু জিন্টিমণি কলিতা নিৰ্বাচিত হোৱাত অসম ক্ৰিকেট সন্থা আনন্দিত হৈছে । এই ভ্ৰমণত অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে ভাৰতীয় এ দলটোৱে তিনিখন টি-২০ মেচ, তিনিখন এদিনীয়া মেচ আৰু এখন মাল্টি ডে’ খেলত ভাগ লব । উইকেটকীপাৰ বেটাৰ উমা চেত্ৰী টি-২০ আৰু এদিনীয়া দুয়োটা দলৰ বাবে নিৰ্বাচিত হোৱাৰ বিপৰীতে অল ৰাউণ্ডাৰ জিন্টিমণি কলিতাক তিনিওটা দলতে,– টি-২০, এদিনীয়া আৰু মাল্টি ডে’ত স্থান দিয়া হৈছে ।

unimex

১২ ছেপ্টেম্বৰৰ পৰা ১৭ ছেপ্টেম্বৰলৈ নিউ চণ্ডীগড়ত তিনিখন মেচৰ টি-২০ শৃংখলা হোৱাৰ পিছত ২০ৰ পৰা ২৫ ছেপ্টেম্বৰলৈ মোহালীৰ পিচিএ ষ্টেডিয়ামত তিনিখন এদিনীয়া খেল অনুষ্ঠিত হ’ব । ২৯ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ চাৰিদিনীয়া খেলখন ধৰমশালাত হব ।

অসম ক্ৰিকেট সন্থাই উমা চেত্ৰী আৰু জিন্টিমণি কলিতাক ভাৰতীয় এ দললৈ নিৰ্বাচিত হোৱাত অভিনন্দন জনোৱাৰ লগতে দুয়োগৰাকী খেলুৱৈলৈ ভাল প্ৰদৰ্শনৰবাবে শুভেচ্ছা জ্ঞাপন কৰিছে । অসম ক্ৰিকেট সন্থাৰ সম্পাদক সনাতন দাসে জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ কৰিছে ।

Leave A Reply

Your email address will not be published.

Translate »