Your Mic Your Voice

নতুন কেন্দ্ৰীয় আইনত ‘উদ্যোগ’ৰ সংজ্ঞাক প্ৰত্যাহ্বান, আবেদন শুনিবলৈ সন্মত উচ্চতম ন্যায়ালয়

0

কেন্দ্ৰীয় চৰকাৰৰ নতুন শ্ৰম আইন Industrial Relations Code (IRC) 2020 ত থকা ‘উদ্যোগ’ (Industry) ৰ সংজ্ঞাক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদন শুনিবলৈ সন্মত হৈছে উচ্চতম ন্যায়ালয়।

অল ইণ্ডিয়া ট্ৰেড ইউনিয়ন কংগ্ৰেছ (AITUC) তামিলনাডু গোটে দাখিল কৰা আবেদনত IRC 2020 ৰ সংজ্ঞা অত্যন্ত অস্পষ্ট বুলি উল্লেখ কৰা হৈছে। জ্যেষ্ঠ অধিবক্তা গোপাল শংকৰনাৰায়ণনে আদালতত যুক্তি দিয়ে যে নতুন আইনত দিয়া সংজ্ঞাই ১৯৭৮ চনৰ Bangalore Water Supply গোচৰত নিৰ্ধাৰিত বিখ্যাত ‘Triple Test’ ৰ চৰ্ত পূৰণ কৰা নাই।

unimex

উল্লেখযোগ্য যে যোৱা আগষ্ট মাহত ৯ জনীয়া সাংবিধানিক বিচাৰপীঠে ১৯৭৮ চনৰ বহল সংজ্ঞা কেৱল পুৰণি Industrial Disputes Act ৰ গোচৰৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব আৰু নতুন Code ত ই স্বয়ংক্ৰিয়ভাৱে প্ৰযোজ্য নহ’ব বুলি ৰায় দিছিল। এতিয়া নতুন আইনৰ সংজ্ঞাক লৈ পোনপটীয়া প্ৰত্যাহ্বানৰ শুনানি হ’ব।

এই গোচৰৰ ৰায়ে দেশৰ হাস্পতাল, শিক্ষানুষ্ঠান, NGO আৰু দাতব্য অনুষ্ঠানসমূহ শ্ৰম আইনৰ আওতাত থাকিব নে নাই সেই বিষয়ত চূড়ান্ত সিদ্ধান্ত দিব।

Leave A Reply

Your email address will not be published.

Translate »