Your Mic Your Voice

অসম আৰক্ষীত অচিৰেই ১৫-২০ হাজাৰ পদত নিযুক্তি

0

দেৰগাঁও: অসমৰ যুৱক-যুৱতীসকলৰ বাবে সুখবৰ। অচিৰেই অসম আৰক্ষীত ১৫ হাজাৰৰ পৰা ২০ হাজাৰ পদত নতুনকৈ নিযুক্তিৰ ব্যৱস্থা কৰা হ’ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

দেৰগাঁৱৰ লাচিত বৰফুকন আৰক্ষী একাডেমীত অনুষ্ঠিত এক কাৰ্যসূচীত মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা ঘোষণা কৰে। তেওঁ কয় যে যোৱা পাঁচ বছৰত অসম আৰক্ষীত প্ৰায় ২১ হাজাৰ নতুন নিযুক্তি প্ৰদান কৰা হৈছে।

unimex

মুখ্যমন্ত্ৰীৰ মতে, আগন্তুক সময়ত কেইবাটাও বেটেলিয়ন, এছডিআৰএফকে ধৰি বিভিন্ন ক্ষেত্ৰত খালী পদ আৰু পদোন্নতিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পাছত প্ৰায় ১৫ হাজাৰৰ পৰা ২০ হাজাৰ পদ খালী হ’ব পাৰে। এই পদসমূহতো চলিত পাঁচ বছৰৰ ভিতৰতে নিযুক্তি সম্পূৰ্ণ কৰাৰ বাবে চৰকাৰে চেষ্টা কৰিব।

ইতিমধ্যে অসম আৰক্ষীৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এই সন্দৰ্ভত আলোচনা কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। পদোন্নতি আৰু খালী পদৰ সংখ্যা নিৰ্ধাৰণৰ পাছত নতুনকৈ নিযুক্তিৰ বাবে অচিৰেই প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও তেওঁ সদৰি কৰে।

Leave A Reply

Your email address will not be published.

Translate »