Your Mic Your Voice

মিচিগানত ইতিহাস! আমেৰিকাৰ প্ৰথম মুছলিম ছিনেটৰ হিচাপে নিৰ্বাচিত আব্দুল এল-ছায়েদ

0

আমেৰিকাৰ মধ্যবৰ্তী নিৰ্বাচনত এক ঐতিহাসিক মুহূৰ্ত। ডেমক্ৰেট প্ৰাৰ্থী আব্দুল এল-ছায়েদে মিচিগানৰ ছিনেট আসনত ৰিপাব্লিকান প্ৰতিদ্বন্দ্বী মাইক ৰজাৰ্ছক পৰাস্ত কৰি জয়লাভ কৰিছে।

unimex

এই জয়ৰ সৈতে ৪২ বছৰীয়া আব্দুল এল-ছায়েদ আমেৰিকাৰ ইতিহাসৰ প্ৰথমজন মুছলিম আমেৰিকান ছিনেটৰ হিচাপে পৰিগণিত হৈছে। তেওঁ মিশৰীয় প্ৰব্ৰজনকাৰী পিতৃ-মাতৃৰ সন্তান আৰু প্ৰাক্তন জনস্বাস্থ্য বিষয়া।

নিৰ্বাচনী প্ৰচাৰত তেওঁক বহু ইছলাম বিৰোধী মন্তব্যৰ সন্মুখীন হ’বলগীয়া হৈছিল যদিও অৱশেষত তেওঁ ডেট্ৰইটত বিপুল সমৰ্থন লাভ কৰি জয়ী হয়।

Leave A Reply

Your email address will not be published.

Translate »