ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ সৈতে মত বিনিময় সৰ্বানন্দ সোণোৱালৰ
দেশৰ যুৱশক্তিক ক্ৰীড়াৰ সৈতে অধিক নিবিড়ভাৱে সংযুক্ত কৰি এখন সুস্থ, সবল আৰু আত্মবিশ্বাসী ভাৰত গঢ়াৰ লক্ষ্যৰে সমাগত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ সৈতে সংগতি ৰাখি আজি অনুষ্ঠিত ‘খেলো ইণ্ডিয়া সম্বাদ’ কাৰ্যসূচীৰ অংশ হিচাপে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে ক্ৰীড়াৰ জৰিয়তে ব্যক্তি আৰু সমাজৰ শাৰীৰিক-মানসিক উৎকৰ্ষ সাধন, যুৱপ্ৰজন্মক অনুশাসিত আৰু আত্মবিশ্বাসী কৰি তোলা তথা এখন শক্তিশালী ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত ক্ৰীড়াৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।
বিশ্ব ক্ৰীড়াৰ বিভিন্ন শাখাত ভাৰতৰ অংশগ্ৰহণ আৰু সফলতা অধিক বিস্তৃত কৰাৰ আহ্বান জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয়, “আন দেশসমূহে এনে বহু ক্ৰীড়াত পদক অৰ্জন কৰিছে, যিবোৰত ভাৰতৰ অংশগ্ৰহণেই নাই। আমিও এই ক্ৰীড়াসমূহত পাৰদৰ্শিতা অৰ্জন কৰিব লাগিব।”
তেওঁ লগতে কয়, “ভাৰতৰ পদকৰ সংখ্যা বৃদ্ধি কৰিবলৈ হ’লে এই ক্ৰীড়াসমূহত আমি নিখুঁত পাৰদৰ্শিতা অৰ্জন কৰাটো অতি প্ৰয়োজনীয়।”
এই লক্ষ্য আগত ৰাখি প্ৰধানমন্ত্ৰীগৰাকীয়ে ২০৩৬ চনৰ অলিম্পিকক কেন্দ্ৰ কৰি ভাৰতৰ দীৰ্ঘম্যাদী ক্ৰীড়া কৌশলৰ কথাও উল্লেখ কৰে। লক্ষ্য হৈছে– দেশৰ বৃহৎ সংখ্যক ক্ৰীড়াবিদক বিভিন্ন ক্ৰীড়া শাখাত এনেদৰে সুদক্ষ কৰি তোলা, যাতে তেওঁলোকে কেৱল অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰাই নহয়, বিশ্বমঞ্চত উৎকৃষ্ট প্ৰদৰ্শন কৰি দেশৰ বাবে সন্মান আৰু অধিক পদক কঢ়িয়াই আনিব পাৰে।
‘খেলো ইণ্ডিয়া সম্বাদ – খেল কি বাত পিএম মোদী কে সাথ’ কাৰ্যসূচীৰ অংশ হিচাপে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সৈতে সোণোৱালে মত-বিনিময় কৰে আৰু শিক্ষাৰ্থীয়ে ক্ৰীড়া আন্তঃগাঁথনিৰ ক্ষেত্ৰত আগবঢ়োৱা পৰামৰ্শৰ প্ৰতি সঁহাৰি জনাই বিশ্ববিদ্যালয় চৌহদত এটা অত্যাধুনিক ছুইমিং পুল নিৰ্মাণৰ কথা ঘোষণা কৰে সোণোৱালে। তদুপৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শীৰ্ষস্থানীয় ক্ৰীড়াবিদসকলৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়ামূলক ভ্ৰমণৰ কথাও ঘোষণা কৰে সোণোৱালে।
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত অনুষ্ঠানত ভাৰতীয় ফুটবলৰ জীৱন্ত কিংবদন্তি তথা প্ৰাক্তন অধিনায়ক বাইচুং ভূটীয়াৰ উপস্থিতিয়ে বিশেষ মাত্ৰা প্ৰদান কৰে। নিজৰ ক্ৰীড়া-জীৱনৰ অভিজ্ঞতা আৰু ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা অৰ্জনৰ বাবে এগৰাকী খেলুৱৈয়ে কৰিবলগীয়া কঠোৰ পৰিশ্ৰমৰ বিষয়ে তেখেতে আগবঢ়োৱা বক্তব্যই উপস্থিত শিক্ষাৰ্থীসকলক গভীৰভাৱে অনুপ্ৰাণিত কৰে।
অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত-বিনিময় কৰি তেওঁলোকৰ অনুভৱৰ উমান লয়।

ভাষণ প্ৰদান কৰি সোণোৱালে কয় যে ক্ৰীড়া কেৱল পদক অৰ্জনৰ মাধ্যম নহয়, ক্ৰীড়া হৈছে জীৱন গঢ়াৰ এক শক্তিশালী পথ। ক্ৰীড়াই এগৰাকী ব্যক্তিক সুস্থ-সবল কৰি তোলাৰ লগতে অনুশাসন, একাগ্ৰতা, দলীয় মনোভাৱ, নেতৃত্বৰ গুণ আৰু সফলতাৰ বাবে প্ৰয়োজনীয় মানসিক দৃঢ়তা গঢ়ি তোলে।
তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে বিগত ১২ বছৰত দেশৰ ক্ৰীড়া ক্ষেত্ৰখনত আমূল পৰিৱৰ্তন সাধন কৰিছে। প্ৰতিভাৱান খেলুৱৈক চিনাক্ত কৰাৰ পৰা আৰম্ভ কৰি প্ৰশিক্ষণ, আন্তঃৰাষ্ট্ৰীয় মানৰ আন্তঃগাঁথনি, উন্নত ক্ৰীড়া সা-সুবিধা আৰু আৰ্থিক সহায়লৈকে বিভিন্ন ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপে ভাৰতীয় ক্ৰীড়াক এক নতুন উচ্চতালৈ লৈ গৈছে। আগন্তুক সময়ত ভাৰতে কমনৱেলথ গেমছ আয়োজন কৰিবলৈ আকৌ সাজু হৈছে, যি আমাৰ দেশৰ ক্ৰীড়া আন্তঃগাঁথনি আৰু বিশ্ব ক্ৰীড়া ক্ষেত্ৰত ভাৰতৰ বৰ্ধিত সামৰ্থ্যৰ এক গৌৰৱময় প্ৰতিফলন।
সোণোৱালে স্মৰণ কৰি কয় যে কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰালয়ৰ দায়িত্বত স্বতন্ত্ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত তেওঁ দেশৰ আগশাৰীৰ খেলুৱৈসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ সমস্যা আৰু প্ৰয়োজনীয়তাৰ বিষয়ে বুজ লোৱাৰ সুযোগ লাভ কৰিছিল। সেই সময়ত বহু খেলুৱৈয়ে উন্নত প্ৰশিক্ষণ, আন্তঃৰাষ্ট্ৰীয় মানৰ সা-সুবিধা আৰু আৰ্থিক সহায়ৰ অভাৱৰ কথা অৱগত কৰিছিল।
এই অভিজ্ঞতাৰ ভিত্তিত সৰ্বানন্দ সোণোৱালে বিষয়সমূহ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিগোচৰ কৰাত প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰতিভাৱান খেলুৱৈসকলক চিনাক্ত কৰি তেওঁলোকক প্ৰয়োজনীয় সকলোধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ বাবে পৰিকল্পনা গ্ৰহণৰ নিৰ্দেশ দিছিল। ইয়াৰ ফলস্বৰূপে ‘টাৰ্গেট অলিম্পিক প’ডিয়াম’ৰ দৰে গুৰুত্বপূৰ্ণ পদক্ষেপৰ জৰিয়তে দেশৰ শীৰ্ষ খেলুৱৈসকলক উন্নত প্ৰশিক্ষণ, প্ৰস্তুতি আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে প্ৰয়োজনীয় সহায় আগবঢ়োৱাৰ এক শক্তিশালী ব্যৱস্থা গঢ় লৈ উঠে।
তেওঁ লগতে কয় যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বহু ছাত্ৰ-ছাত্ৰীয়ে ইতিমধ্যে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ প্ৰতিভাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। এনে এখন ঐতিহ্যমণ্ডিত শৈক্ষিক প্ৰতিষ্ঠানৰ চৌহদত ‘খেলো ইণ্ডিয়া সম্বাদ’ অনুষ্ঠিত হোৱাটো অত্যন্ত তাৎপৰ্যপূৰ্ণ। এই কাৰ্যসূচীয়ে বিশ্ববিদ্যালয়ৰ যুৱসমাজক ক্ৰীড়াৰ প্ৰতি অধিক উৎসাহিত কৰাৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা লাভ কৰাৰ বাবে নতুন প্ৰেৰণা যোগাব বুলি তেওঁ আশা প্ৰকাশ কৰে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘ফিট ইণ্ডিয়া’ৰ সপোনক বাস্তৱায়িত কৰি ক্ৰীড়াক জীৱনশৈলীৰ অবিচ্ছেদ্য অংশ হিচাপে গঢ়ি তোলাৰ আহ্বান জনাই সোণোৱালে কয় যে এখন সুস্থ আৰু শক্তিশালী ভাৰত গঢ়াৰ বাবে যুৱসমাজৰ সক্ৰিয় অংশগ্ৰহণ অপৰিহাৰ্য। ক্ৰীড়াক্ষেত্ৰত প্ৰতিভা বিকাশৰ লগতে প্ৰতিগৰাকী যুৱক-যুৱতীৰ জীৱনত ক্ৰীড়াক এক ইতিবাচক অভ্যাস হিচাপে গঢ়ি তোলাৰ প্ৰয়োজনীয়তা আছে।
আজিৰ অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জিতেন হাজৰিকা, পঞ্জীয়ক ড° পৰমানন্দ সোণোৱাল, ড° সুৰজিৎ বৰকটকী, অসম পেট্ৰ’কেমিকেলছ লিমিটেডৰ অধ্যক্ষ বিকুল ডেকা, ডিব্ৰুগড় পৌৰ নিগমৰ উপ-মেয়ৰ উজ্জ্বল ফুকনসহ বিশ্ববিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু বৃহৎসংখ্যক উৎসাহী ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।
‘খেলো ইণ্ডিয়া সম্বাদ’ৰ জৰিয়তে দেশৰ বিভিন্ন প্ৰান্তৰ যুৱসমাজক একত্ৰিত কৰি ক্ৰীড়াৰ শক্তিৰে এখন সুস্থ-সবল, আত্মবিশ্বাসী আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ সংকল্পক অধিক শক্তিশালী কৰা হৈছে বুলি সোণোৱালে উল্লেখ কৰে।