Your Mic Your Voice

জিম ট্ৰেইনাৰৰ হাতত প্ৰাণ গ’ল ২১ বছৰীয়া মুস্কানৰ, কিন্তু কিয় ?

0

বন্ধ কোঠাৰ ভিতৰত জিম ট্ৰেইনাৰৰ হাতত এগৰাকী ২১ বছৰীয়া যুৱতীয়ে প্ৰাণ হেৰুৱাবলীয়া হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ঘটনা সংঘটিত হৈছে পশ্চিম দিল্লীৰ তিলক নগৰত।

ঘটনাৰ বিৱৰণী অনুসৰি, ঘৰত অকলশৰে থকা অৱস্থাত যুৱতীগৰাকীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰে ইমৰাণ নামৰ জিম ট্ৰেইনাৰজনে।

unimex

অভিযোগ মতে ইমৰাণ আৰু মুছকানৰ মাজত প্ৰেমৰ সম্পৰ্ক আছিল। কিন্তু মুস্কানেশেহতীয়াকৈ ইমৰাণৰ সৈতে দূৰত্ব বজাই ৰাখিছিল যাৰ বাবে ইমৰাণ ক্ষুব্ধ হৈ পৰিছিল। বুধবাৰে ঘৰত কোনো নথকাৰ সুযোগ লৈ যুৱতী গৰাকীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

আৰক্ষীয়ে পলাতক ইমৰাণক বিছাৰি অনুসন্ধান আৰম্ভ কৰিছে। লগতে অধিক তথ্য আহৰণৰ বাবে উক্ত অঞ্চলটোৰ চিচি টিভিৰ ফুটেজ সংগ্ৰহ কৰিছে।

Leave A Reply

Your email address will not be published.

Translate »