• Home  
  • উজনিৰ বানপীড়িতৰ কাষত বলিউডৰ ভাইজান; দুৰ্গতসকলক যোগান ধৰিব খাদ্য সামগ্ৰীৰ পৰা চেনিটাৰী পেডলৈ
- অসম - বিনোদন

উজনিৰ বানপীড়িতৰ কাষত বলিউডৰ ভাইজান; দুৰ্গতসকলক যোগান ধৰিব খাদ্য সামগ্ৰীৰ পৰা চেনিটাৰী পেডলৈ

অসমৰ বানপীড়িতলৈ সহায়ৰ হাত বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানৰ । খানৰ সংস্থা Being Human ৰ জৰিয়তে আসমৰ বন্যাৰ্তলৈ বহুকেইটা পৰ্যায়ত সাহায্য প্ৰদানৰ পদক্ষেপ আৰম্ভ কৰা বুলি জানিব পৰা গৈছে । অভিনেতাগৰাকীয়ে ছলমান খান ফেন ক্লাব (SKFC) অসমৰ সৈতে সমন্বয় কৰি ৰাজ্যৰ একাংশ ভয়াৱহ অঞ্চলত বসবাস কৰা লোকসকলক অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰিব বুলি জানিব পৰা গৈছে । […]

অসমৰ বানপীড়িতলৈ সহায়ৰ হাত বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানৰ । খানৰ সংস্থা Being Human ৰ জৰিয়তে আসমৰ বন্যাৰ্তলৈ বহুকেইটা পৰ্যায়ত সাহায্য প্ৰদানৰ পদক্ষেপ আৰম্ভ কৰা বুলি জানিব পৰা গৈছে । অভিনেতাগৰাকীয়ে ছলমান খান ফেন ক্লাব (SKFC) অসমৰ সৈতে সমন্বয় কৰি ৰাজ্যৰ একাংশ ভয়াৱহ অঞ্চলত বসবাস কৰা লোকসকলক অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰিব বুলি জানিব পৰা গৈছে ।

সংবাদ সংস্থাৰ প্ৰতিবেদন অনুসৰি খানে মুম্বাইত তেওঁৰ আগন্তুক ছবিখনৰ শ্বুটিং অব্যাহত ৰখাৰ লগতে সাহায্যৰ কামৰ তদাৰক কৰিছে । সংবাদ সংস্থাই জনোৱা অনুসৰি প্ৰথম পৰ্যায়ত খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী আগবঢ়াব খানে । অভিনেতাগৰাকীৰ ঘনিষ্ঠ সূত্ৰই সংবাদ সংস্থাক জনোৱা অনুসৰি, অভিনেতাজনে ছলমান খান ফেন ক্লাব (SKFC) অসমৰ সৈতে সংযোগ স্থাপন কৰি ক্ষতিগ্ৰস্তসকলক সহায়ৰ বাবে পৰ্যায়ক্ৰমে প্ৰক্ৰিয়াৰ পৰিকল্পনা কৰিছে ।

প্ৰথম পৰ্যায়ৰ অংশ হিচাপে Being Human এ এছ কে এফ চি অসমৰ সৈতে অংশীদাৰিত্ব কৰি শিৱসাগৰত ৰেডি টু ইট ফুড পেকেট বিতৰণ কৰিছে । গুৱাহাটীৰ পৰা যোগান পৰিবহণ কৰা হৈছে ।

কি কি আছে এই সাহায্য পেকেজত ?

সূত্ৰটোৰ মতে, প্ৰতিটো পেকেটত বিস্কুট, গুৰ, চিৰা, চাউল, ৰুটি, পনীৰ আৰু জাম আছে । পৰিস্থিতি উন্নত নোহোৱা পৰ্যন্ত পৰিয়ালসমূহৰ হাতত কমেও তিনিদিন টিকি থাকিব পৰাকৈ পৰ্যাপ্ত খাদ্য যোগান ধৰাটো নিশ্চিত কৰিছে সংস্থাটোৱে ।

খাদ্যৰ উপৰিও এই সাহায্য অভিযানত চেনিটেৰী পেড, মহ মৰা ধূপ, খোৱাপানী আৰু পানী বিশুদ্ধকৰণ টেবলেট বিতৰণ কৰা হৈছে । অনাগত সপ্তাহত অধিক সহায়ৰ পৰিকল্পনা কৰা হৈছে বুলি সংস্থাটোৱে জনাইছে । প্ৰতিবেদনত আৰু কোৱা হৈছে যে এই পদক্ষেপ একাধিক পৰ্যায়ত অব্যাহত থাকিব । অহা সপ্তাহত বানাক্ৰান্ত পৰিয়ালক ৰেচন সামগ্ৰী আৰু ঔষধ বিতৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব ।

চূড়ান্ত পৰ্যায়ত Being human এ বানপানীত ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হোৱা উজনিৰ বিদ্যালয় আৰু চিকিৎসালয়সমূহ পুনৰ নিৰ্মাণত সহায় কৰিব বুলি আশ্বাস প্ৰদান কৰিছে ।

Locate us

Balaji Arcade 2nd floor, Lokhra Road. Jyotikuchi, Guwahati. Assam, 781040

Mahabahu Media & Solutions
@2026. All Rights Reserved.