অসমৰ বান পৰিস্থিতিক লৈ দিল্লীত বৈঠক কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ মঙলবাৰে নতুন দিল্লীত অসমৰ সাংসদসকলৰ সৈতে মিলিত হৈ বান সমস্যাৰ বুজ লয় প্ৰধানমন্ত্ৰী মোদীয়ে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অনুষ্ঠিত বৈঠকত কয় যে কেন্দ্ৰই অসম চৰকাৰৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি ৰাজ্যখনৰ বানপানীত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে সাহায্য প্ৰদানৰ কামত সহায় আগবঢ়াইছে । বান পৰিস্থিতিৰ পৰ্যালোচনাৰ বাবে সংসদ ভৱন কমপ্লেক্সত অসমৰ কেন্দ্ৰীয় মন্ত্ৰী আৰু বিজেপিৰ সংসদ সদস্যক সাক্ষাৎ কৰাৰ পিছতে এই আশ্বাস প্ৰদান কৰে ।
নিজা X হেণ্ডেলত এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, ‘‘অসমৰ সাংসদসকলক সাক্ষাৎ কৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ সাম্প্ৰতিক বান পৰিস্থিতি সম্পৰ্কে আলোচনা কৰিলোঁ । ক্ষতিগ্ৰস্তসকললৈ সহায় আগবঢ়োৱাৰ ক্ষেত্ৰত কেন্দ্ৰই অসম চৰকাৰৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আছে । মই সকলোৰে সুৰক্ষা আৰু মংগলৰ বাবে প্ৰাৰ্থনা জনাইছোঁ ।’’
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি ছয়খন জিলা বানত ক্ষতিগ্ৰস্ত হৈছে । শিৱসাগৰ, গোলাঘাট, চৰাইদেউ, যোৰহাট, নগাঁও আৰু কামৰূপ (মহানগৰ)ৰ ৪,৪৫,৪৯৫ জন লোক ৰাজ্যৰ শেহতীয়া বানত ক্ষতিগ্ৰস্ত হৈছে । চলিত বৰ্ষৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৬৮ জন ।
ৰাজ্যত ৯০টা সাহায্য শিবিৰ স্থাপন কৰা হৈছে, য’ত বৰ্তমান ২৮,৬৯৫ জন লোকে আশ্ৰয় লৈ আছে । ক্ষতিগ্ৰস্তসকলক সাহায্য প্ৰদানৰ বাবে আন ৯৪টা সাহায্য বিতৰণ কেন্দ্ৰ কাৰ্যক্ষম হৈ আছে ।
ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এনডিআৰএফ), ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (SDRF) আৰু অসামৰিক প্ৰতিৰক্ষা জোৱানকে ধৰি একাধিক সংস্থাই উদ্ধাৰ আৰু সাহায্য অভিযান চলাই আছে আৰু বানপীড়িত অঞ্চলত ৬৭খন নাও নিয়োগ কৰিছে ।
এ এছ ডি এম এয়ে জনোৱা মতে, ৩৭,১৩৯.৫২ হেক্টৰ কৃষিভূমি ডুব গৈছে, আনহাতে ২৬,৬৭৯টা জীৱ-জন্তু জাহ গৈছে । ক্ষতিগ্ৰস্ত কেইবাখনো জিলাৰ পৰাও ঘৰ-দুৱাৰ, পথ আৰু অন্যান্য ৰাজহুৱা আন্তঃগাঁথনিৰ ক্ষতি হোৱাৰ খবৰ পোৱা গৈছে ।
উল্লেখ্য যে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰা অসমৰ সাংসদৰ দলটোত আছিল কেন্দ্ৰীয় মন্ত্ৰীদ্বয় সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাৰ্ঘেৰিটা, সাংসদ তথা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, সাংসদ প্ৰদান বৰুৱা, ৰঞ্জিত দত্ত, পৰিমল শুক্লবৈদ্য, বিজুলী কলিতা মেধি, কামাখ্যা প্ৰসাদ তাছা, কৃপানাথ মল্লা, যোগেন মহন, তেৰছ গোৱালা আদি ৷

