Your Mic Your Voice

অনন্ত নাগলৈ দাদা চাহেব ফাল্কে বঁটা

0

নতুন দিল্লী: ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটা ২০২৪-ৰ বাবে বিশিষ্ট অভিনেতা অনন্ত নাগক নিৰ্বাচন কৰিছে ভাৰত চৰকাৰে। চলচ্চিত্ৰ ক্ষেত্ৰলৈ আগবঢ়োৱা দীঘলীয়া অৱদানৰ স্বীকৃতি হিচাপে তেওঁক এই সন্মান প্ৰদান কৰা হ’ব।

২২ ছেপ্টেম্বৰত গুজৰাটৰ কেৱাদিয়াত অনুষ্ঠিত হ’বলগীয়া ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত অনন্ত নাগক বঁটাটো প্ৰদান কৰা হ’ব। বঁটাৰ সৈতে থাকিব স্বৰ্ণ কমল পদক, এখন চাদৰ আৰু ১০ লাখ টকাৰ নগদ ধন।

unimex

১৯৪৮ চনত কৰ্ণাটকত জন্মগ্ৰহণ কৰা অনন্ত নাগে পাঁচ দশকৰো অধিক সময় ধৰি অভিনয় জগতত সক্ৰিয় হৈ আছে। কন্নড়, হিন্দী, তেলেগু, মালায়ালম, তামিল আৰু মাৰাঠী ভাষাৰ ৩০০ৰো অধিক ছবিত অভিনয় কৰা অভিনেতাগৰাকীৰ উল্লেখযোগ্য কামৰ ভিতৰত অংকুৰ আৰু মালগুড়ি ডেইজ অন্যতম।

অভিনয়ৰ বাবে তেওঁ কেইবাটাও ফিল্মফেয়াৰ আৰু কৰ্ণাটক ৰাজ্যিক বঁটাকে ধৰি বিভিন্ন সন্মান লাভ কৰিছে। ২০২৫ চনত তেওঁক পদ্মভূষণ সন্মানেৰেও বিভূষিত কৰা হয়।

উল্লেখ্য, ১৯৬৯ চনত দেৱিকা ৰাণীক প্ৰথমবাৰৰ বাবে প্ৰদান কৰা দাদা চাহেব ফাল্কে বঁটা ভাৰতীয় চলচ্চিত্ৰলৈ অসামান্য অৱদান আগবঢ়োৱা শিল্পীক প্ৰতি বছৰে প্ৰদান কৰা হয়।

Leave A Reply

Your email address will not be published.

Translate »