Your Mic Your Voice

ৰাছিয়াৰ ভয়ংকৰ বিমান আক্ৰমণত ইউক্ৰেইনত ৯ জনৰ মৃত্যু, নৰৱেত আমেৰিকা-ইউৰোপৰ বিষয়াৰ সৈতে জেলেনস্কিৰ গুৰুত্বপূৰ্ণ বৈঠক

0

ইউক্ৰেইনত পুনৰ ৰাছিয়াৰ ভয়ংকৰ আক্ৰমণ। ৰাছিয়াই নিশাৰ ভিতৰতে চলোৱা বিমান আক্ৰমণত ৯ জন সাধাৰণ নাগৰিকৰ মৃত্যু হৈছে। এই আক্ৰমণত কেইবাজনো লোক গুৰুতৰভাৱে আহত হৈছে আৰু বহু আবাসিক অঞ্চল, ঘৰ-দুৱাৰ ক্ষতিগ্ৰস্ত হৈছে।

স্থানীয় প্ৰশাসনৰ তথ্য অনুসৰি ৰাছিয়াই ড্ৰ’ন আৰু মিছাইল ব্যৱহাৰ কৰি এই আক্ৰমণ চলাইছে। আহতসকলক ইতিমধ্যে হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

unimex

ইফালে এই আক্ৰমণৰ মাজতে নৰৱেত গুৰুত্বপূৰ্ণ কূটনৈতিক তৎপৰতা। নৰৱেত আমেৰিকা আৰু ইউৰোপীয় দেশসমূহৰ শীৰ্ষ বিষয়াৰ সৈতে বৈঠকত মিলিত হৈছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কি।

বৈঠকত ইউক্ৰেইনৰ বৰ্তমানৰ যুদ্ধ পৰিস্থিতি, দেশখনৰ সুৰক্ষা ব্যৱস্থা, সামৰিক সহায় আৰু শান্তি প্ৰক্ৰিয়া সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয়। ৰাছিয়াৰ আক্ৰমণৰ প্ৰতিৰোধৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধিৰ ওপৰতো গুৰুত্ব দিয়া হয়।

Leave A Reply

Your email address will not be published.

Translate »