Your Mic Your Voice

চৰকাৰ আৰু PSU-ত ব্যৱহৃত কোম্পানীৰ ৮টাকৈ ৱেব ছিকিউৰিটি Key লিক!

0

ডাৰ্ক ৱেবত লিক হ’ল গুৰুত্বপূৰ্ণ API Key আৰু Private Token, চৰকাৰী পৰ্টেলৰ সুৰক্ষা বিপদত

দেশৰ চাইবাৰ সুৰক্ষা ব্যৱস্থাত বৃহৎ বিসংগতি পোহৰলৈ আহিছে। চৰকাৰী বিভাগ আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান (PSU) সমূহক ডিজিটেল সুৰক্ষা সেৱা যোগান ধৰা এটা আগশাৰীৰ IT প্ৰতিষ্ঠানৰ ৮টাকৈ গুৰুত্বপূৰ্ণ ৱেব ছিকিউৰিটি Key লিক হৈছে।

প্ৰাথমিক তথ্য অনুসৰি লিক হোৱা Key সমূহৰ ভিতৰত আছে ৮টা সক্ৰিয় API Key, Private Encryption Key আৰু Authentication Token। এই Key সমূহ চৰকাৰী পৰ্টেল আৰু আভ্যন্তৰীণ ডাটা আদান-প্ৰদান সুৰক্ষিত কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল।

unimex

চাইবাৰ বিশেষজ্ঞৰ মতে, এই Key কেইটা প্ৰথমে এটা হেকিং ফৰামত দেখা গৈছিল আৰু পিছত Telegram-ৰ ডাটা লিক চেনেলত বিয়পি পৰে।

বিশেষজ্ঞসকলে জনোৱা মতে, এই Key সমূহৰ অপব্যৱহাৰ হ’লে হেকাৰে সহজে –
১. চৰকাৰী ৱেবছাইটৰ নকল বনাই ৰাইজক ঠগিব পাৰে
২. চৰকাৰ আৰু PSU-ৰ চাৰ্ভাৰৰ মাজৰ গোপনীয় ডাটা চুৰি কৰিব পাৰে
৩. আভ্যন্তৰীণ Dashboard ত অবৈধভাৱে প্ৰৱেশ কৰিব পাৰে

এগৰাকী জ্যেষ্ঠ চাইবাৰ বিশেষজ্ঞই কয়, “ৱেব ছিকিউৰিটি Key হৈছে ডিজিটেল ঘৰৰ মাষ্টাৰ চাবিৰ দৰে। এবাৰ লিক হ’লে যিকোনোৱে ইয়াৰ নকল চাবি বনাব পাৰে।”

এই ঘটনা সন্দৰ্ভত এতিয়ালৈকে সংশ্লিষ্ট কোম্পানী বা চৰকাৰে আনুষ্ঠানিকভাৱে একো কোৱা নাই। কিন্তু সূত্ৰ অনুসৰি CERT-In ক সতৰ্ক কৰি দিয়া হৈছে আৰু সকলো Endpoint ত Audit আৰম্ভ কৰা হৈছে। কোম্পানীটোৱে Key সমূহ সলনি কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

Leave A Reply

Your email address will not be published.

Translate »