৯ দিনীয়াকৈ বজালীৰ ভোটান্ত সাদেৰীত ৮১ সংখ্যক লক্ষ্মী পূজাৰ আয়োজন
আজি সমগ্ৰ দেশৰ লগতে বজালীতো ধন, ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী মা লক্ষ্মীৰ আৰাধনাৰ ধুম উঠিছে। ইয়াৰ মাজতে বজালীৰ ভোটান্ত সাদেৰীত ৯ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৮১ সংখ্যক শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ আয়োজন কৰা হৈছে।
আজি পুৱাৰে পৰা ভক্তিভৰা পৰিৱেশত পূজাৰ কাৰ্যসূচী আৰম্ভ হয়। পুৱা সাদেৰী ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ নাৰায়ণ দাসে সভাস্থলীৰ মুখ্য দ্বাৰ উদ্বোধনেৰে প্ৰথম কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছত উদযাপন সমিতিৰ সভাপতি শৰৎ কলিতাই পতাকা উত্তোলন কৰে।
অনুষ্ঠানৰ লগত সংগতি ৰাখি শ্বহীদ তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰে ভোটান্ত সাদেৰী সন্মিলনী শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰ নিৰ্মাণ সমিতিৰ সভাপতি ভবানন্দ ডেকা, পদ্মশ্ৰী চন্দ্ৰপ্ৰভা হাইস্কুলৰ প্ৰধান শিক্ষক গণেশ ৰয় আৰু ৭৫০ নং ভোটান্ত সাদেৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী গীতাঞ্জলি ৰয়ে।

পৰিৱেশ সুৰক্ষাৰ বাৰ্তাৰে বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে বজালীৰ গ্ৰীণ মিচনৰ সঞ্চালক আনন্দ খাটনিয়াৰ, বন বিষয়া খগেন কলিতা, ২১ নং সাদেৰী গাঁও পঞ্চায়তৰ সভাপতি সীমান্ত খাটনিয়াৰ আৰু জ্যেষ্ঠ অধিবক্তা নৱজিৎ শৰ্মাই।
ইয়াৰ উপৰিও উদযাপন সমিতিৰ উপদেষ্টা নৃপেন্দ্ৰ নাথ শৰ্মাই মন্দিৰৰ দ্বাৰ উদ্বোধন কৰাৰ লগতে শ্বহীদ ৰাউতা মদন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দিবাকৰ দাসে সভাস্থলী উদ্বোধন কৰে। ২ নং বজালী আঞ্চলিক পঞ্চায়তৰ সদস্যা কানন দেৱী দাসে জল আহৰণ কাৰ্যসূচী সম্পন্ন কৰে।
পূজা উপলক্ষে ভাগৱত পাঠৰ লগতে ৯ দিনজুৰি বিভিন্ন ধৰ্মীয় আৰু সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে বুলি উদযাপন সমিতিয়ে জানিবলৈ দিছে।