স্বগৃহলৈ আহি পালে ৰামানুজ গোস্বামীৰ নশ্বৰদেহ, শোকাকুল পৰিৱেশ
গৌৰীপুৰ: স্বগৃহলৈ আহি পালে ৰামানুজ গোস্বামীৰ নশ্বৰদেহ। গৌৰীপুৰ চহৰৰ ১০নং ৱাৰ্ডস্থিত বাসগৃহত নিশা আহি পালে ৰামানুজ গোস্বামীৰ মৃতদেহ।
নশ্বৰদেহ স্বগৃহত আহি পোৱাৰ লগে লগে গোস্বামীৰ পৰিয়ালত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। ঘৰখনত উঠিছে কান্দোনৰ ৰোল। ৰামানুজৰ মাতৃ, আত্মীয়-স্বজন শোকত ভাগি পৰিছে।

সংবাদমাধ্যমৰ আগত হাতযোৰ কৰি ৰামানুজ গোস্বামীৰ পিতৃয়ে কয়, “মোৰ সন্তান হেৰাইছে, অসমৰ এগৰাকী সম্পদ হেৰুৱালোঁ।”
পুত্ৰৰ মৃত্যুৰ শোকত পিতৃ-মাতৃৰ লগতে আত্মীয়-স্বজনক কান্দোনত ভাঙি পৰা দেখা যায়।