Your Mic Your Voice

‘ভোট চুৰি’ৰ বাবে প্ৰধানমন্ত্ৰী মোদী, গৃহমন্ত্রী শ্বাহৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ’ব, আইনৰ পৰা সাৰি যাব নোৱাৰিব: ৰাহুল গান্ধী

0

‘ভোট চুৰি’ক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী।

ৰাহুল গান্ধীয়ে স্পষ্টকৈ কয় যে বিজেপিয়ে ক্ষমতা দখলৰ বাবে ভোটাৰ তালিকাত ব্যাপক অনিয়ম কৰিছে। ভুৱা ভোটাৰ সংযোজন, বিৰোধীৰ ভোট কৰ্তন আদিৰ জৰিয়তে ‘ভোট চুৰি’ কৰা হৈছে।

unimex

এই গোচৰত প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী জড়িত বুলি অভিযোগ তুলি ৰাহুলে কয়, “এইটো সাধাৰণ অপৰাধ নহয়, এয়া দেশৰ গণতন্ত্ৰ আৰু সংবিধানৰ ওপৰত আক্ৰমণ। ইয়াৰ বাবে তেওঁলোকে আইনী শাস্তি ভুগিবই লাগিব, আইনৰ পৰা কোনো সাৰি যাব নোৱাৰে।”

কংগ্ৰেছৰ হাতত এই সন্দৰ্ভত সকলো প্ৰমাণ আছে বুলিও তেওঁ দাবী কৰে। ৰাহুল গান্ধীৰ এই মন্তব্যৰ পিছতে ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Leave A Reply

Your email address will not be published.

Translate »