Your Mic Your Voice

জম্মু-কাশ্মীৰ আৰু লাডাখত ১১ ঘণ্টাত ৪টা ভূমিকম্প!

0

আজি শনিবাৰে (১৪ নৱেম্বৰ) জম্মু-কাশ্মীৰ আৰু লাডাখত ১১ ঘণ্টাৰ ভিতৰত ৪টা ভূমিকম্প অনুভূত হয়। ৰাষ্ট্ৰীয় ভূকম্প বিজ্ঞান কেন্দ্ৰই (NCS) এই তথ্য প্ৰকাশ কৰিছে। 0399

৪টা ভূমিকম্পৰ ভিতৰত ৩টা জম্মু-কাশ্মীৰৰ চেনাব উপত্যকা অঞ্চলত আৰু ১টা লাডাখৰ লেহত অনুভূত হয়।

কেতিয়া, ক’ত, কিমান প্ৰাবল্য?

unimex
  • কিষ্টৱাৰ:পুৱা ২:৩৮ বজাত, প্ৰাবল্য ৩.৩, গভীৰতা ১৫ কিমি
  • ডোডা:পুৱা ৮:৪৮ বজাত, প্ৰাবল্য ৩.৮, গভীৰতা ৫ কিমি
  • লেহ, লাডাখ:পুৱা ১০:২৯ বজাত, প্ৰাবল্য ৩.৯, গভীৰতা ১০ কিমি
  • ডোডা:দুপৰীয়া ১:০৯ বজাত, প্ৰাবল্য ২.৯, গভীৰতা ১০ কিমি 0399

আটাইতকৈ শক্তিশালী ভূমিকম্পটো আছিল লেহত, ৩.৯ প্ৰাবল্যৰ।

ক্ষতি হৈছে নেকি?
আৰক্ষীয়ে জনোৱা অনুসৰি, এতিয়ালৈকে কোনো ক্ষয়-ক্ষতি বা হতাহতৰ খবৰ পোৱা নাই।

এই অঞ্চলটো হিমালয়ৰ ভূমিকম্প প্ৰৱণ অঞ্চলত পৰে বাবে মাজে মাজে এনেকৈ জোকাৰণি অনুভৱ হয়।

Leave A Reply

Your email address will not be published.

Translate »