ভানুৱাটুৰ উপকূলত ৬.৯ প্ৰাবল্যৰ ভূমিকম্প
দক্ষিণ প্ৰশান্ত মহাসাগৰীয় দ্বীপ ৰাষ্ট্ৰ ভানুৱাটুৰ উপকূলত আজি প্ৰচণ্ড ভূমিকম্পই জোকাৰি যায়। আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ সংস্থা USGS ৰ তথ্য অনুসৰি ভূমিকম্পটোৰ প্ৰাথমিক প্ৰাবল্য আছিল ৬.৯।
ভূমিকম্পটোৰ কেন্দ্ৰস্থল সমুদ্ৰৰ গভীৰতাত আছিল বুলি জানিব পৰা গৈছে। এতিয়ালৈকে কোনো ডাঙৰ ক্ষয়-ক্ষতি বা হতাহতৰ খবৰ পোৱা হোৱা নাই। স্থানীয় প্ৰশাসনে সতৰ্কতা জাৰি কৰিছে আৰু উপকূলীয় অঞ্চলৰ লোকসকলক সুৰক্ষিত স্থানলৈ যাবলৈ আহ্বান জনাইছে।

সুনামিৰ আশংকা সন্দৰ্ভত প্ৰশাসনে নজৰ ৰাখিছে।