Your Mic Your Voice

আমেৰিকাত আটক হাৰিয়ানাৰ দুই কুখ্যাত গেংষ্টাৰ-হিমাংশু ভাউ আৰু নীৰজ ফৰিদপুৰীয়া আটক

0

হাৰিয়ানাৰ দুই মোষ্ট ৱাণ্টেড গেংষ্টাৰ হিমাংশু ভাউ আৰু নীৰজ ফৰিদপুৰীয়াক আমেৰিকাৰ লাছ ভেগাছত আটক কৰা হৈছে। হাৰিয়ানা STF ৰ তথ্যৰ ভিত্তিত আমেৰিকাৰ FBI আৰু ICE ই ২২ অক্টোবৰত এই অভিযান চলায়।

বৰ্তমান দুয়োজনক নেভাডাৰ Henderson Detention Center ত ৰখা হৈছে। হিমাংশু ভাউৰ প্ৰকৃত নাম হিমাংশু ৰিটোলিয়া, ৰোহটকৰ ৰিটোলি গাঁৱৰ। তেওঁৰ বিৰুদ্ধে হত্যা, হত্যাৰ চেষ্টা, অপহৰণ, ধন দাবীকে ধৰি ৬৪ টাতকৈ অধিক গোচৰ আছে। ২০২৩ চনৰ আগষ্টৰ পৰা তেওঁৰ বিৰুদ্ধে Interpol Red Notice জাৰি হৈ আছে।

unimex

আৰক্ষীৰ মতে, হিমাংশুৱে ১৭ বছৰ বয়সতে অপৰাধ জগতত সোমায়। ২০২২ চনত ভুৱা পাছপ’ৰ্টেৰে দুবাই হৈ পৰ্তুগাললৈ পলায় আৰু তাৰ পৰা এনক্ৰিপ্টেড এপেৰে দিল্লী-NCR, হাৰিয়ানা, পঞ্জাৱত ধন দাবীৰ নেটৱৰ্ক চলাই আছিল। তেওঁ লৰেন্স বিষ্ণোই গেংৰ প্ৰতিদ্বন্দ্বী বুলি কোৱা হয়।

নীৰজ ফৰিদপুৰীয়া পলৱালৰ বাসিন্দা, তেওঁৰ বিৰুদ্ধেও ২৫ টাতকৈ অধিক গোচৰ আছে। দুয়োজনে যোৱা বছৰ ইউটিউবাৰ এলভিছ যাদৱৰ গুৰুগ্ৰামৰ ঘৰৰ বাহিৰত গুলীচালনাৰ দায়িত্ব লৈছিল।

বৰ্তমান হাৰিয়ানা STF আৰু কেন্দ্ৰীয় এজেন্সীয়ে তেওঁলোকক ভাৰতলৈ ঘূৰাই অনাৰ বাবে Deportation প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

Leave A Reply

Your email address will not be published.

Translate »