ইজৰাইলৰ নিৰ্বাচনী আয়োগে বেঞ্জামিন নেতান্যাহুৰ ভোট জালিয়াতিৰ অভিযোগ নাকচ কৰিলে
ইজৰাইলৰ কেন্দ্ৰীয় নিৰ্বাচনী আয়োগে প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে উত্থাপন কৰা ভোট জালিয়াতিৰ অভিযোগ নাকচ কৰিছে।
আয়োগে জানিবলৈ দিয়া মতে, ৯,০৬৯ টা ভোটকেন্দ্ৰত অডিট কৰাৰ পাছতো নিৰ্বাচনৰ অখণ্ডতাৰ ওপৰত কোনো প্ৰভাৱ পেলোৱাৰ প্ৰমাণ পোৱা হোৱা নাই। “সকলো অভিযোগ পৰীক্ষা কৰা হৈছে আৰু নিৰ্বাচনৰ অখণ্ডতাৰ ক্ষতি হোৱাৰ কোনো তথ্য পোৱা হোৱা নাই,” বুলি আয়োগে এক বিবৃতিত কয়।

উল্লেখ্য, যোৱা ২৭ অক্টোবৰত অনুষ্ঠিত নিৰ্বাচনত নেতান্যাহুৰ মিত্ৰজোঁটে ৫৩ খন আসন লাভ কৰাৰ বিপৰীতে বিৰোধী মিত্ৰজোঁটে ৪৮ আৰু আৰব দলসমূহে ১৯ খন আসন লাভ কৰিছে। নেতান্যাহুৱে আৰব দলসমূহে কটাৰৰ পৰা ধন লৈ ভোট চুৰি কৰা বুলি অভিযোগ উত্থাপন কৰিছিল।
আজি ৰাষ্ট্ৰপতি আইজাক হাৰজ’গে আনুষ্ঠানিকভাৱে ফলাফল গ্ৰহণ কৰিব আৰু তাৰ পাছত চৰকাৰ গঠনৰ বাবে কাক প্ৰথম সুযোগ দিয়া হ’ব সেয়া সিদ্ধান্ত ল’ব।