Your Mic Your Voice

ওৰেগনত স্কুলত গুলীচালনা, আক্ৰমণকাৰী প্ৰাক্তন ছাত্ৰ

0

আমেৰিকাৰ ওৰেগন ৰাজ্যৰ বেণ্ড চহৰৰ এখন প্ৰাথমিক বিদ্যালয়ত সংঘটিত গুলীচালনাৰ ঘটনাৰ আক্ৰমণকাৰী এজন প্ৰাক্তন ছাত্ৰ আছিল বুলি আৰক্ষীয়ে জনাইছে।

বেণ্ড আৰক্ষীৰ মুৰব্বী মাইক ক্ৰেঞ্জে শুকুৰবাৰে অনুষ্ঠিত সংবাদমেলত জনাইছে যে আক্ৰমণকাৰীৰ নাম ১৬ বছৰীয়া গ্ৰিফিন জে জন দ্বিতীয়। তেওঁ Silver Rail Elementary School ৰ প্ৰাক্তন বিশেষ চাহিদা সম্পন্ন ছাত্ৰ আছিল আৰু তেওঁ বিদ্যালয়খনৰ বিশেষ চাহিদা সম্পন্ন ছাত্ৰ-ছাত্ৰীৰ শ্ৰেণীকোঠাতহে আক্ৰমণ চলাইছিল।

আৰক্ষীৰ তথ্য অনুসৰি বৃহস্পতিবাৰে দুপৰীয়া প্ৰায় ১ বজাত আক্ৰমণকাৰীয়ে এখন ১২-গেজ শ্বটগান লৈ বিদ্যালয়ৰ বেৰ বগাই ভিতৰত প্ৰৱেশ কৰে। প্ৰৱেশ কৰাৰ পূৰ্বে তেওঁ এখন বাহনত গুলী চলায়। তাৰ পিছত তেওঁ দুৱাৰৰ গ্লাছ ভাঙি ভিতৰত সোমাই একেটা শ্ৰেণীকোঠাতে প্ৰায় ১৫ জাই গুলী চলায়। ঘটনাস্থলীৰ পৰা আৰু ৪৪ জাই গুলী উদ্ধাৰ কৰা হয়।

এই ঘটনাত ৪ জন লোক নিহত হয়। নিহতসকলৰ ভিতৰত ৫, ৮ আৰু ১১ বছৰীয়া তিনিজন শিশু আৰু ২৫ বছৰীয়া শিক্ষয়িত্ৰী মেগান লেম্বাৰ্ট আছে।

unimex

আৰক্ষীয়ে এগৰাকী শিক্ষয়িত্ৰীৰ সাহসিকতাক ‘বীৰত্বপূৰ্ণ’ বুলি অভিহিত কৰিছে। আৰক্ষীৰ মতে, শিক্ষয়িত্ৰীগৰাকীয়ে আক্ৰমণকাৰীৰ ওপৰত নিজৰ ফোনটো দলিয়াই দিয়ে আৰু তাৰ পিছত তেওঁৰ সৈতে যুঁজি বহু লোকৰ প্ৰাণ ৰক্ষা কৰে। ইয়াৰ পিছতে বিদ্যালয়ত থকা দুজন ছাত্ৰীৰ পিতৃ ৩৬ বছৰীয়া কেইলাব জিয়ামাংকোৱে আক্ৰমণকাৰীক গুলীয়াই হত্যা কৰে।

আৰক্ষীয়ে জনাইছে যে শ্বটগানটো আক্ৰমণকাৰীৰ মাতৃয়ে যোৱা আগষ্ট মাহত কিনিছিল বুলি সন্দেহ কৰা হৈছে। আক্ৰমণৰ উদ্দেশ্য এতিয়াও স্পষ্ট হোৱা নাই।

আক্ৰমণকাৰীৰ মাতৃ শ্বনটাই নিকাৰ্ছনে কয়, “মোৰ ল’ৰাটোক মই মিছ কৰিছো। যদি মই কিবা কৰিব পাৰিলোহেঁতেন, কৰিলোহেঁতেন। মই দুঃখিত।”

বৰ্তমান ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।

Leave A Reply

Your email address will not be published.

Translate »