গৃহ বিভাগৰ ব্যৰ্থতাৰ অভিযোগ অসম মাতৃভূমি দলৰ
জুবিন গাৰ্গ হত্যাকাণ্ডৰ মূল অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিনক লৈ সৰৱ হৈছে অসম মাতৃভূমি দল। দলৰ ৰাজ্যিক সভাপতি ৰাজীব শইকীয়াই এক বিবৃতিত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এই ঘটনাত ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু গৃহ বিভাগ সম্পূৰ্ণৰূপে বিফল হৈছে।

ৰাজীব শইকীয়াই প্ৰশ্ন তোলে যে, বিধানসভাত মুখ্যমন্ত্ৰীয়ে দিয়া “এজনে মাৰিছে, আনকেইজনে সহযোগ কৰিছে” বুলি মন্তব্য তথ্য-প্ৰমাণৰ ভিত্তিত দিয়া নাছিল নেকি? দুজন মূল অভিযুক্তৰ জামিন হোৱা কাৰ্যই চাৰ্জশ্বিটত ডাঙৰ খুঁত থকাৰ ইংগিত দিয়ে বুলি তেওঁ অভিযোগ কৰে।
অৱশ্যে তেওঁ কয়, আদালতৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে আৰু দোষীয়ে শাস্তি পাব বুলি আমি আশাবাদী।