নাইজেৰিয়াত প্ৰথম ইবোলা ৰোগীৰ সন্ধান, বুণ্ডিবুগয়ো প্ৰজাতিৰ বুলি নিশ্চিত
নাইজেৰিয়াত প্ৰথমবাৰৰ বাবে ইবোলা ভাইৰাছৰ ৰোগী চিনাক্ত কৰা হৈছে। দেশখনৰ ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰ NCDC ৰ মতে, এই ভাইৰাছটো বুণ্ডিবুগয়ো (Bundibugyo) প্ৰজাতিৰ, যিটো বৰ্তমান গণতান্ত্ৰিক কংগো গণৰাজ্যত মহামাৰীৰ ৰূপ লৈছে।
জানিব পৰা মতে, আক্ৰান্ত ৰোগীগৰাকী উগাণ্ডাৰ পৰা নাইজেৰিয়াৰ ৰাজধানী আবুজালৈ অহা এগৰাকী মহিলা। তেওঁ এগৰাকী কূটনীতিবিদ বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। যোৱা ৩ অক্টোবৰত তেওঁ নাইজেৰিয়াত প্ৰৱেশ কৰিছিল আৰু ২০ অক্টোবৰত পৰীক্ষাগাৰত তেওঁৰ দেহত ইবোলা থকাটো নিশ্চিত হয়।

বিশ্ব স্বাস্থ্য সংস্থা WHO ৰ মতে, এই বুণ্ডিবুগয়ো প্ৰজাতিৰ বাবে এতিয়ালৈ কোনো অনুমোদিত ভেকচিন বা নিৰ্দিষ্ট চিকিৎসা নাই। ৰোগীগৰাকী বৰ্তমান আইচ’লেচনত আছে আৰু তেওঁৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
ইফালে, ৰোগীগৰাকীৰ সংস্পৰ্শলৈ অহা ৪৪ জন লোকক চিনাক্ত কৰি নিৰীক্ষণত ৰখা হৈছে বুলি NCDC য়ে জনাইছে।
উল্লেখ্য যে, যোৱা মে’ মাহৰ পৰা কংগোত আৰম্ভ হোৱা এই ইবোলা মহামাৰীত এতিয়ালৈ ৯,০০০ তকৈ অধিক লোক আক্ৰান্ত হৈছে আৰু ৪,৩৮১ জনৰ মৃত্যু হৈছে।