Your Mic Your Voice

ফকিৰাগ্ৰামত বৰ্ণাঢ্য শোভাযাত্ৰাৰে মা দুৰ্গাৰ বিদায়

0

শাৰদীয় দুৰ্গোৎসৱৰ আজি অন্তিম দিন। বিজয়া দশমী উপলক্ষে কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামত বৰ্ণাঢ্য ৰূপত মা দুৰ্গাৰ প্ৰতিমা বিসৰ্জন দিয়া হয়।

ঢাক-ঢোলৰ শব্দ, বাদ্যযন্ত্ৰৰ ধ্বনি আৰু ভক্তিগীতত মুখৰিত হৈ পৰে ফকিৰাগ্ৰামৰ আকাশ-বতাহ। ৰং-বিৰঙী সাজেৰে সজ্জিত এই বিশাল শোভাযাত্ৰাত অসংখ্য ভক্তই অংশ লয়। পৰম্পৰাগত ৰীতিৰে মা দুৰ্গাক বিদায় দিয়াৰ দৃশ্যই এক আবেগিক পৰিৱেশৰ সৃষ্টি কৰে।

unimex

এই বিশেষ শোভাযাত্ৰাত উপস্থিত থাকে বিধায়ক ৰূপম চন্দ্ৰ ৰায়, বিটিচিৰ কাৰ্যবাহী সদস্য কৰ্মেশ্বৰ ৰায় আৰু এমচিএলএ এজামুল হক। তেওঁলোকৰ উপস্থিতিয়ে উৎসৱৰ উছাহ দুগুণে বৃদ্ধি কৰে।

বিজয়া দশমীৰ এই পৱিত্ৰ ক্ষণত ভক্তসকলে মাৰ ওচৰত সমাজৰ শান্তি, সম্প্ৰীতি আৰু সকলোৰে মংগল কামনা কৰে। প্ৰতিমা বিসৰ্জনৰ লগে লগে ফকিৰাগ্ৰামত এইবেলিৰ দুৰ্গা পূজাৰ আনুষ্ঠানিকভাৱে সামৰণি পৰে।

Leave A Reply

Your email address will not be published.

Translate »