শনিবাৰে মাজনিশা আৰক্ষীয়ে মুকলি কৰি দিলে ইউটিউবাৰ ধ্ৰুৱ ৰাথীক, CJP প্ৰতিবাদত আটক হৈছিল দিল্লীত
অৱশেষত শনিবাৰে গভীৰ নিশা দিল্লী আৰক্ষীয়ে মুকলি কৰি দিয়ে জনপ্রিয় ইউটিউবাৰ ধ্ৰুৱ ৰাথীক। ‘ককৰ’চ জনতা পাৰ্টী’ (CJP)ৰ যন্তৰ-মন্তৰ চলো অভিযানৰ পূৰ্বে হাৰিয়ানাৰ গুৰুগ্ৰামৰ ছেক্টৰ-৫৬ স্থিত তেওঁৰ বাসগৃহৰ পৰাই আটক কৰা হৈছিল তেওঁক।

আৰক্ষীয়ে অৱশ্যে সকীয়াই দিছে, নিষেধাজ্ঞা অমান্য কৰি যদি ধ্ৰুৱ ৰাথীয়ে পুনৰ যন্তৰ-মন্তৰ অভিমুখে যাবলৈ চেষ্টা কৰে, তেন্তে তেওঁক পুনৰ আটক কৰি আইনী ব্যৱস্থা লোৱা হ’ব।
উল্লেখ্য, SIR-ক লৈ হোৱা অনিয়মৰ অভিযোগত CEC জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবীৰে CJP-এ যন্তৰ-মন্তৰত প্ৰতিবাদৰ আহ্বান জনাইছিল। প্ৰতিবাদকাৰীক ৰোধ কৰিবলৈ ৰাজধানীৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে কঠোৰ নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছিল।