Your Mic Your Voice

লখিমপুৰ খেৰী হত্যাকাণ্ড: উচ্চতম ন্যায়ালয়ে প্ৰাক্তন মন্ত্ৰীৰ পুত্ৰ আশীষ মিশ্ৰক দীপাৱলীত নিজৰ ঘৰলৈ যাবলৈ অনুমতি প্ৰদান

0

উত্তৰ প্ৰদেশৰ বহু চৰ্চিত লখিমপুৰ খেৰী হত্যাকাণ্ডৰ মূল অভিযুক্ত তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰক উচ্চতম ন্যায়ালয়ে ডাঙৰ সকাহ দিছে।

উচ্চতম ন্যায়ালয়ে আশীষ মিশ্ৰক দীপাৱলী উপলক্ষে নিজৰ গৃহ চহৰ লখিমপুৰ খেৰীলৈ যাবলৈ অনুমতি প্ৰদান কৰিছে। ন্যায়ালয়ে কিছুমান চৰ্ত সাপেক্ষে এই অনুমতি প্ৰদান কৰিছে।

unimex

উল্লেখ্য যে, ২০২১ চনৰ ৩ অক্টোবৰত লখিমপুৰ খেৰীত কৃষকৰ প্ৰতিবাদৰ সময়ত এখন বাহনে ৪ জন কৃষকক খুন্দিয়াই হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছিল। এই ঘটনাত মুঠ ৮ জন লোকৰ মৃত্যু হৈছিল। এই ঘটনাৰ মূল অভিযুক্ত আছিল আশীষ মিশ্ৰ।

বৰ্তমান তেওঁ জামিনত আছে আৰু তেওঁক উত্তৰ প্ৰদেশত প্ৰৱেশ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। এতিয়া উচ্চতম ন্যায়ালয়ে দীপাৱলীৰ বাবে সাময়িকভাৱে সেই নিষেধাজ্ঞা শিথিল কৰিছে।

ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে, তেওঁ কোনো ৰাজহুৱা সভা বা অনুষ্ঠানত অংশগ্ৰহণ কৰিব নোৱাৰিব আৰু সাক্ষীক প্ৰভাৱিত কৰাৰ চেষ্টা কৰিব নোৱাৰিব।

Leave A Reply

Your email address will not be published.

Translate »