Your Mic Your Voice

ঝাৰখণ্ডত শিক্ষাৰ্থীৰ প্ৰতিবাদ সন্দৰ্ভত ৰাহুলক উভতি ধৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই

0

ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত ন্যায্য অধিকাৰ আৰু ঝাৰখণ্ড লোকসেৱাৰ পৰীক্ষাত হোৱা অবাধ দুর্নীতিৰ উচিত তদন্তৰ দাবীত শান্তিপূর্ণভাবে আন্দোলন কৰা ছাত্ৰ-ছাত্ৰীৰ ওপৰত সংঘটিত আৰক্ষীৰ বৰ্বৰোচিত অত্যাচাৰৰ তীব্র নিন্দা কৰি মংগলবাৰে অটল বিহাৰী বাজপেয়ী ভৱনত এখন সংবাদমেল সম্বোধন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই । তেওঁ অভিযোগ কৰে যে কংগ্ৰেছ আৰু ঝাৰখণ্ড মুক্তি মৰ্চাৰ দুর্নীতিগ্রস্ত চৰকাৰে নিৰস্ত্ৰ আৰু নির্দোষ ছাত্ৰ-ছাত্ৰীৰ ওপৰত চলোৱা দমন-নিপীড়নে দেশৰ গণতান্ত্রিক মূল্যবোধ আৰু মানৱতাক লজ্জানত কৰিছে ।

মন্ত্রী হাজৰিকাই কয় যে, ঝাৰখণ্ডৰ ছাত্ৰ-ছাত্ৰীসকলে নিজৰ ভৱিষ্যৎ, অধিকাৰ আৰু কৰ্মসংস্থাপনৰ দাবীত অত্যন্ত শান্তিপূর্ণ, মর্যাদাপূর্ণ আৰু শৃংখলাবদ্ধভাৱে আন্দোলন কৰি আহিছে । আন্দোলনকাৰীসকলে কোনো ধৰণৰ হিংসাত্মক কাৰ্য নকৰাকৈ, অশালীন ভাষা বা অপশব্দ ব্যৱহাৰ নকৰাকৈ আন্দোলন কৰাৰ পাছতো কংগ্রেছ-জেএমএম চৰকাৰে তেওঁলোকৰ ওপৰত নিৰ্মম অত্যাচাৰ চলাইছে ।

ৰাঁচীত শান্তিপূর্ণভাবে প্রতিবাদ কৰা ছাত্ৰ-ছাত্ৰীৰ পথত কাঁইটীয়া তাঁৰ স্থাপন কৰি তেওঁলোকক সন্ত্রাসবাদীৰ দৰে ব্যৱহাৰ কৰা হৈছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে আন্দোলনকাৰীৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ কৰা হৈছে, ৰাতিৰ আন্ধাৰতো খেদি খেদি বৰ্বৰভাৱে লাঠীচালনা কৰা হৈছে আৰু নির্দয়ভাবে জল কেনন ব্যৱহাৰ কৰা হৈছে । বহু আন্দোলনকাৰীয়ে ছাত্ৰীসকলৰ কাপোৰ পৰ্যন্ত ফালি পেলোৱা টিভি স্ক্রীণত দেখা পোৱা গৈছে । কিন্তু নিজকে ছাত্ৰ-ছাত্ৰীৰ ৰক্ষক বুলি দাবী কৰা তথাকথিত ছাত্রনেতাসকল, তথাকথিত বুদ্ধিজীৱি আৰু ৰাহুল গান্ধী আজি এই নির্যাতিত ছাত্ৰ-ছাত্ৰীৰ আৰ্তনাদৰ প্ৰতি সম্পূর্ণ নীৰৱ বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ।

শ্রী হাজৰিকাই অভিযোগ কৰে যে কংগ্ৰেছৰ একমাত্র উদ্দেশ্য হৈছে প্ৰতিটো পৰিস্থিতিৰ ৰাজনৈতিক সুযোগ গ্রহণ কৰি দেশত অস্থিৰতা আৰু অৰাজকতাৰ সৃষ্টি কৰা। তেওঁ স্পষ্ট কৰি দিয়ে যে ভাৰতীয় জনতা পার্টি ঝাৰখণ্ডৰ যুৱ আৰু ছাত্ৰ সমাজৰ সৈতে শিলৰ দৰে দৃঢ়ভাবে থিয় হৈ আছে। কংগ্ৰেছ আৰু জেএমএম চৰকাৰে আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ ন্যায্য দাবীসমূহ অনতিপলমে পূৰণ কৰা উচিত বুলিও তেওঁ মন্তব্য কৰে।

সংবাদমেলত মন্ত্ৰী হাজৰিকাই কয়, “ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত নিযুক্তি কেলেংকাৰি আৰু প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে শান্তিপূর্ণভাৱে প্রতিবাদ কৰা ছাত্র-যুৱকসকলৰ ওপৰত ৰাহুল গান্ধীৰ নিৰ্দেশতে বৰ্বৰ অত্যাচাৰ চলোৱা হৈছিল বুলিও তথ্য পোহৰলৈ আহিছে । দিল্লীৰ যন্তৰ-মন্তৰৰ ঘটনাক লৈ ৰাজনীতি কৰিবলৈ সদায় তৎপৰ ৰাহুল গান্ধী আজি ঝাৰখণ্ডৰ ছাত্ৰ-ছাত্ৰীৰ আৰ্তনাদৰ প্ৰতি সম্পূৰ্ণ বধিৰ কিয় ?”

দিল্লীত ছাত্ৰ-ছাত্ৰীৰ প্ৰতি কৃত্রিম সহানুভূতি প্রদর্শন কৰা ৰাহুল গান্ধীয়ে ঝাৰখণ্ডলৈ গৈ নির্যাতিত ছাত্ৰ-ছাত্ৰীৰ খবৰ ল’বলৈ আহৰি নাই কিয় বুলি প্রশ্ন উত্থাপন কৰে । মন্ত্ৰীগৰাকীয়ে কয় যে, ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ সৈতে ৰাহুল গান্ধীৰ কোনো সম্পর্ক নাই, তেওঁ কেৱল সুবিধাবাদৰ ৰাজনীতি কৰিব বিচাৰে। য’ত কংগ্ৰেছৰ চৰকাৰে আৰক্ষীৰ দ্বাৰা অত্যাচাৰ চলায়, তাত তেওঁ নীৰৱতা অৱলম্বন কৰে আৰু য’ত ৰাজনৈতিক লাভৰ সম্ভাৱনা দেখে, তাত তেওঁ নাটক মঞ্চস্থ কৰে ।

গণতান্ত্রিক পদ্ধতিৰে নিজৰ অধিকাৰ আৰু ভৱিষ্যতৰ দাবীত মাত মতা যুৱ সমাজৰ ওপৰত এনে নির্দয় দমন-পীড়ন কিয় চলোৱা হ’ল বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰে । ছাত্ৰ-ছাত্ৰীৰ প্রতি সমর্থন এতিয়া কংগ্ৰেছৰ ৰাজনৈতিক সুবিধা আৰু গোপন অভিসন্ধিৰ ওপৰত নিৰ্ধাৰিত হ’ব নেকি বুলি তেওঁ প্রশ্ন উত্থাপন কৰে ।

unimex

ঝাৰখণ্ডৰ ছাত্ৰ-ছাত্ৰীৰ ওপৰত সংঘটিত বৰ্বৰ অত্যাচাৰক তীব্ৰ ভাষাৰে নিন্দা কৰি মন্ত্ৰী হাজৰিকাই কয় যে এই ভণ্ডামিপূর্ণ দুমুখীয়া মানদণ্ডৰ বাবে ৰাহুল গান্ধী আৰু কংগ্ৰেছ দলে দেশৰ যুৱ সমাজৰ ওচৰত ক্ষমা বিচাৰিব লাগিব। এই বিষয়ত ৰাহুল গান্ধীয়ে দেশবাসীক উত্তৰ দিবই লাগিব।

সংবাদমেলত মন্ত্রী হাজৰিকাই অভিযোগ কৰে যে ৰাহুল গান্ধী এতিয়া কেৱল এজন ব্যর্থ নেতাই নহয়, দেশত অৰাজকতা আৰু মিছা কথাৰ প্ৰতীকত পৰিণত হৈছে। বিগত ১৫ দিন ধৰি তেওঁ বাৰে বাৰে মিছা কথা কৈ, বিভ্রান্তি সৃষ্টি কৰি আৰু গণতন্ত্ৰৰ সৰ্বোচ্চ মন্দিৰ সংসদৰ কাম-কাজ ব্যাহত কৰি আহিছে। তেওঁৰ উদ্দেশ্য আলোচনা বা সমাধান নহয়, তেওঁৰ একমাত্র লক্ষ্য হৈছে বিশৃংখলতা সৃষ্টি কৰা। সেইবাবেই তেওঁ প্রতিদিনে নিজৰ দাবী আৰু লক্ষ্য সলনি কৰি আহিছে।

প্রথমে ৰাহুল গান্ধীয়ে শিক্ষামন্ত্ৰীৰ পদত্যাগ দাবী কৰিছিল । তাৰ পাছত তেওঁ সংসদত ‘নীট’ সন্দৰ্ভত আলোচনাৰ দাবীৰে সদনৰ কাম-কাজ ব্যাহত কৰিবলৈ আৰম্ভ কৰে। গণতান্ত্রিক মূল্যবোধৰ প্ৰতি সন্মান জনাই কেন্দ্ৰীয় চৰকাৰে কেৱল আলোচনাই অনুষ্ঠিত কৰা নহয়, প্রশ্নকাকত ফাদিলৰ বিৰুদ্ধে আইনখনো অধিক কঠোৰ কৰি তোলে। তাৰ পাছত ৰাহুল গান্ধীয়ে যন্তৰ-মন্তৰৰ ঘটনা সন্দর্ভত কেন্দ্রীয় গৃহমন্ত্ৰীৰ বিবৃতি দাবী কৰে।

মন্ত্ৰী হাজৰিকাই কয় যে চৰকাৰে স্পষ্টভাৱে জনাইছিল-সংসদ চলিবলৈ দিয়ক, গৃহমন্ত্রীয়ে সদনত উত্তৰ দিব। কিন্তু বিৰোধীয়ে ইচ্ছাকৃতভাৱে সংসদ চলিবলৈ দিয়া নাই। সংসদীয় পৰিক্ৰমা মন্ত্রী কিৰেণ ৰিজিজু আৰু কেন্দ্ৰীয় মন্ত্রী পীযুষ গোৱেলে গৃহমন্ত্রীয়ে সদনত প্রতিটো প্ৰশ্নৰ উত্তৰ দিব বুলি স্পষ্ট কৰাৰ পাছতো ৰাহুল গান্ধীয়ে পুনৰ নিজৰ লক্ষ্য সলনি কৰিছে। ১০ আগষ্ট, সোমবাৰে অনুষ্ঠিত সংবাদমেলত ৰাহুল গান্ধীয়ে যন্তৰ-মন্তৰত গুলীচালনা হোৱা বুলি আন এক অসত্য দাবী কৰা বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয়, “যন্তৰ-মন্তৰত এটাও গুলী নচলাৰ পাছতো ৰাহুল গান্ধীয়ে গুলীচালনাৰ অভিযোগ উত্থাপন কৰিছে। ৰাহুল গান্ধীয়ে মিছা কথা কোৱা বন্ধ কৰক।”

মন্ত্রী হাজৰিকাই অভিযোগ কৰে যে ৰাহুল গান্ধীয়ে প্রকৃততে কেন্দ্রীয় গৃহমন্ত্ৰীয়ে সদনত উত্তৰ দিয়াটো নিবিচাৰে। কাৰণ, সদনত বিতর্ক অনুষ্ঠিত হ’লে আৰু গৃহমন্ত্রীয়ে সকলো তথ্য দাঙি ধৰিলে ৰাহুল গান্ধীয়ে সৃষ্টি কৰা মিছা কথা আৰু প্ৰতাৰণাৰ সমগ্র জালখন ছিন্নভিন্ন হৈ পৰিব বুলি তেওঁ শংকিত।

ৰাহুল গান্ধীলৈ প্রত্যক্ষ প্রত্যাহ্বান জনাই মন্ত্রী হাজৰিকাই কয়, “ৰাহুল গান্ধী ডাঙৰীয়া, মাননীয় গৃহমন্ত্রী আপোনাৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিবলৈ আহিছে। এতিয়া ৰণক্ষেত্ৰৰ পৰা পলায়ন নকৰিব। বিতর্কলৈ ভয় নকৰিব।”

দেশৰ যুৱ সমাজে কংগ্ৰেছৰ এই দুমুখীয়া চৰিত্ৰ ইতিমধ্যে বুজি পাইছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে মিছা কথাৰ ভেটিত গঢ়ি তোলা ৰাহুল গান্ধীৰ ৰাজনীতি অতি সোনকালেই দেশবাসীৰ সন্মুখত মুখথেকেচা খাব।

Leave A Reply

Your email address will not be published.

Translate »