• Home  
  • ৰাজ্যত অব্যাহত হাতী-মানুহৰ সংঘাত, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এজন
- Uncategorized - অসম

ৰাজ্যত অব্যাহত হাতী-মানুহৰ সংঘাত, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এজন

ৰাজ্যত বৰ্তমানেও অব্যাহত হাতী-মানুহৰ সংঘাত । বকোৰ বিভিন্ন অঞ্চলত অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ । শেহতীয়াকৈ দিলিঙ্গা নোৱাপাৰাত বনৰীয়া হাতীৰ আক্ৰমণত এজন স্থানীয় সোক গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে । আহত লোকজন নোৱাপাৰ গাঁৱৰ জিতেন বড়ো (৫৮) জানিব পৰা মতে, পুৱাৰ ভাগত নিজৰ খেতি চাবলৈ যোৱা অৱস্থাত এটা হাতীয়ে বড়োক বেয়াকৈ আক্ৰমণ কৰে […]

ৰাজ্যত বৰ্তমানেও অব্যাহত হাতী-মানুহৰ সংঘাত । বকোৰ বিভিন্ন অঞ্চলত অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ । শেহতীয়াকৈ দিলিঙ্গা নোৱাপাৰাত বনৰীয়া হাতীৰ আক্ৰমণত এজন স্থানীয় সোক গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে । আহত লোকজন নোৱাপাৰ গাঁৱৰ জিতেন বড়ো (৫৮) জানিব পৰা মতে, পুৱাৰ ভাগত নিজৰ খেতি চাবলৈ যোৱা অৱস্থাত এটা হাতীয়ে বড়োক বেয়াকৈ আক্ৰমণ কৰে । হাতীটোৰ অতৰ্কিত আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা জিতেন বড়োক স্থানীয় বকো স্বাস্থ্যকেন্দ্ৰত ভৰ্ত্তি কৰোৱা হয় পৰৱৰ্তী সময়ত অৱস্থা সংকটজনক হৈ পৰাৰ পাচত লোকজনক গুৱাহাটী চিকিসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় ।

উল্লেখ কৰা প্ৰয়োজন যে, বকো অঞ্চলত ক্ৰমাগতভাৱে বনাঞ্চলৰ সংখ্যা হ্ৰাস হৈ আহিছে; যাৰ ফলত খাদ্য-আশ্ৰয় হেৰুৱাই বন্যহস্তীবোৰ খাদ্য-আশ্ৰয়ৰ সন্ধানত জনাঞ্চললৈ ওলাই আহিবলগীয়াত পৰিছে আৰু ইয়ে অঞ্চলটোত হাতী-মানুহৰ সংঘাত বৃ-দ্ধি হোৱাৰ মূল কাৰণ । অঞ্চলটোত হাতীৰ উপদ্ৰৱ বৃদ্ধি পোৱাৰ ফলত স্থানীয় লোকৰ খেতি-পথাৰ নষ্ট হোৱাৰ লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত, প্ৰাণহানিৰ দৰে দুখজনক ঘটনাও সমান্তৰালভাৱে বৃদ্ধি হৈ আহিছে । এই সংঘাত নিয়ন্ত্ৰণৰ বাবে ৰাজ্যৰ বন বিভাগে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে যদিও এই সংঘাতচ ৰোধ কৰিব পৰা নাই । স্পৰ্শকাতৰ অঞ্চলত স্থানীয় ৰাইজক সজাগ কৰিবলৈ বিভাগে মাইকযোগে সময়ে-সময়ে প্ৰচাৰ চলোৱাও পৰিলক্ষিত হয় ।

Locate us

Balaji Arcade 2nd floor, Lokhra Road. Jyotikuchi, Guwahati. Assam, 781040

Mahabahu Media & Solutions
@2026. All Rights Reserved.