Your Mic Your Voice

বৰপানীৰ পিছত এইবাৰ লুটুমাৰীত উচ্ছেদ – প্ৰায় ৩০০ পৰিয়াল উচ্ছেদৰ সন্মুখীন

0

বৰপানী বনাঞ্চলৰ ৩১৬ টা পৰিয়ালক উচ্ছেদ কৰাৰ পিছতে আজি লুটুমাৰীত প্ৰায় ৩০০ টা পৰিয়ালৰ ওপৰত উচ্ছেদ অভিযান।

ANCHOR: মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে ৰাজ্যজুৰি অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে। ইয়াৰ অংশ হিচাপে শনিবাৰে নগাঁৱৰ কামপুৰ বন আঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বৰপানী বনাঞ্চলৰ ইছলামপুৰত ৩১৬ টা পৰিয়ালক উচ্ছেদ কৰাৰ পিছত, আজি পুৱাৰে পৰা একেখন কাৰ্যালয়ৰ অধীনৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলত প্ৰায় ৩০০ টা পৰিয়ালৰ বিৰুদ্ধে উচ্ছেদ চলিছে।

unimex

উল্লেখযোগ্য যে, যোৱা ২০২৫ চনৰ ২৯ নৱেম্বৰত লুটুমাৰীত ১৭০০ টা পৰিয়ালক উচ্ছেদ কৰা হৈছিল। কিন্তু এই ৩০০ টা পৰিয়ালে আদালতৰ দ্বাৰস্থ হোৱাৰ বাবে তেতিয়া উচ্ছেদ স্থগিত আছিল।

উচ্ছেদ শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিবলৈ ঘটনাস্থলীত বৃহৎ সংখ্যক আৰক্ষী আৰু নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে।

আনহাতে, এই উচ্ছেদক লৈ সৰৱ হৈছে আমছু। নগাঁও জিলা আমছুৰ সভাপতি আব্দুল নুৰে অভিযোগ কৰি কয়, “মুছলমান হোৱাৰ বাবেই চাই চাই ন’টিচ দিয়া হৈছে। চেটেলমেণ্ট দিয়া মাটিৰ পৰাও মানুহক উচ্ছেদ কৰা হৈছে। এই উচ্ছেদ অমানৱীয় আৰু অসাংবিধানিক।”

Leave A Reply

Your email address will not be published.

Translate »