Your Mic Your Voice

Supreme Court ৰ স্পষ্টীকৰণ: পুৰণা চাকৰিত হাত নপৰে, CSE 2025 ত লাগু হ’ব নতুন নিয়ম

0

OBC সংৰক্ষণ আৰু Creamy Layer ক লৈ চলি থকা দীৰ্ঘদিনীয়া বিভ্ৰান্তিৰ অন্ত পেলাই উচ্চতম ন্যায়ালয়ে ৬ নৱেম্বৰ ২০২৬ তাৰিখে এক গুৰুত্বপূৰ্ণ স্পষ্টীকৰণ দিছে। ন্যায়াধীশ পি এছ নৰসিংহ আৰু ন্যায়াধীশ আৰ মহাদেৱনৰ বিচাৰপীঠে কেন্দ্ৰীয় চৰকাৰে দাখিল কৰা আবেদনৰ শুনানি লৈ এই ৰায় দিছে।

ইয়াৰ পূৰ্বে ১১ মাৰ্চ ২০২৬ তাৰিখে উচ্চতম ন্যায়ালয়ে OBC Creamy Layer সন্দৰ্ভত এক ঐতিহাসিক ৰায় দিছিল। সেই ৰায়ক লৈ কেন্দ্ৰই কিছুমান আশংকা প্ৰকাশ কৰিছিল। সেই আশংকাৰ উত্তৰতেই এইবাৰ আদালতে স্পষ্টকৈ কৈ দিছে – পুৰণা চাকৰিত হাত নপৰে, কিন্তু নতুন নিযুক্তিত নতুন নিয়ম চলিব।

Creamy Layer মানে কি?

ভাৰতৰ সংৰক্ষণ ব্যৱস্থাত OBC ৰ ভিতৰত যিসকল লোক আৰ্থিক আৰু সামাজিকভাৱে বেছি আগবঢ়া, তেওঁলোকক Creamy Layer বুলি কোৱা হয়।

Creamy Layer ৰ অন্তৰ্গত হ’লে তেওঁলোকে OBC সংৰক্ষণৰ সুবিধা নাপায়। উদ্দেশ্য হ’ল – সংৰক্ষণৰ সুবিধা যাতে প্ৰকৃততে পিছপৰা লোকেহে পায়।

বিবাদটো আৰম্ভ হৈছিল ক’ৰ পৰা?

গোটেই বিবাদটোৰ মূলতে আছিল দুটা চৰকাৰী নিৰ্দেশনা।

১. ১৯৯৩ চনৰ Office Memorandum:
ইয়াত কোৱা হৈছিল, Creamy Layer ঠিক কৰোঁতে মাক-দেউতাকৰ দৰমহা (Salary) আৰু কৃষিৰ পৰা অহা আয় (Agricultural Income) গণনা কৰা নহ’ব।

২. ২০০৪ চনৰ Clarification:
ইয়াত কোৱা হৈছিল, PSU, বেংক, ব্যক্তিগত খণ্ডত কাম কৰা মাক-দেউতাকৰ দৰমহা ধৰা হ’ব।

ইয়াৰ ফলত কি হ’ল? PSU বা Private ত চাকৰি কৰা মাক-দেউতাকৰ সন্তানে দৰমহা বেছি বুলি দেখুৱাই OBC সুবিধাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছিল। আনহাতে চৰকাৰী চাকৰিয়ালৰ সন্তানৰ ক্ষেত্ৰত দৰমহা ধৰা হোৱা নাছিল। এই বৈষম্যক লৈয়ে গোচৰ হৈছিল।

১১ মাৰ্চ ২০২৬ ৰ ৰায়ত কি কৈছিল?

আদালতে কৈছিল –

মাক-দেউতাকৰ দৰমহাই অকলে Creamy Layer ঠিক নকৰে। তেওঁলোকে কি পদত (Post / Category) আছে, সেইটোহে চাব লাগিব।

লগতে কৈছিল, ২০০৪ ৰ Clarification এ ১৯৯৩ ৰ মূল নীতিত নথকা নতুন চৰ্ত যোগ কৰিব নোৱাৰে।

unimex

অৰ্থাৎ, চৰকাৰী, PSU, Private – সকলোৰে ক্ষেত্ৰত একে নিয়ম চলিব। পদটোহে মূল মাপকাঠি হ’ব, দৰমহা নহয়।

কেন্দ্ৰই কিয় ভয় খাইছিল?

কেন্দ্ৰীয় চৰকাৰে আদালতত কৈছিল, এই ৰায় যদি পিছলৈ (Retrospective) লাগু কৰা হয়, তেন্তে –

  • যোৱা ১০ বছৰত পূৰণ কৰা ৬.৬৯ লাখ সংৰক্ষিত পদত প্ৰভাৱ পৰিব
  • তাৰ ভিতৰত ৩.৭ লাখ OBC পদ আছে
  • Seniority, Promotion, Pay সকলো লৰচৰ হ’ব
  • CSE 2025 ৰ ৯৫৮ জন প্ৰাৰ্থীৰ Service Allocation ৰৈ যাব

চৰকাৰে কৈছিল, ইয়াৰ ফলত গোটেই ব্যৱস্থাটোৱে খেলিমেলি হৈ যাব।

৬ নৱেম্বৰত আদালতে কি স্পষ্ট কৰিলে?

১. পুৰণা চাকৰি সুৰক্ষিত:
১১ মাৰ্চৰ আগতে সম্পূৰ্ণ হোৱা কোনো Selection, Appointment, Service Allocation, Seniority পুনৰ খোলা নহ’ব। কোনেও নিজৰ চাকৰি হেৰুৱাব নালাগে।

১. CSE 2025 ত লাগু হ’ব:
CSE 2025 ৰ Result ৬ মাৰ্চত ওলাইছিল যদিও Service Allocation এতিয়াও হোৱা নাই। গতিকে তাত এই নতুন নিয়ম লাগু হ’ব।

১. Pending Case বোৰ:
আদালত, Tribunal ত Pending হৈ থকা গোচৰবোৰ নিজা Merit অনুসৰি বিচাৰ কৰা হ’ব। তাত ১৯৯৩ ৰ নিয়মৰ ব্যাখ্যা চলিব।

১. সময়সীমা:
কেন্দ্ৰই বিচৰা ২ বছৰৰ পৰিৱৰ্তে আদালতে মাত্ৰ ৮ সপ্তাহ সময় দিছে। এই সময়ৰ ভিতৰত পদৰ সমতুল্যতা (Equivalence of Posts) ঠিক কৰিব লাগিব।

ইয়াৰ ফলত কাৰ কি লাভ?

লাভ হ’ব:

  • PSU, বেংক, Private চাকৰিয়ালৰ সন্তানক – এতিয়া দৰমহাৰ বাবে তেওঁলোকক বঞ্চিত কৰিব নোৱাৰিব
  • CSE 2025 ৰ OBC প্ৰাৰ্থীক – নতুন নিয়মত Service Allocation পাব
  • ভৱিষ্যতৰ প্ৰাৰ্থীক – সকলোৰে বাবে একে নিয়ম

চিন্তা কৰিব নালাগে:

  • ইতিমধ্যে চাকৰি পোৱা লোকক – তেওঁলোকৰ Seniority, Promotion ত কোনো প্ৰভাৱ নপৰে
Leave A Reply

Your email address will not be published.

Translate »